Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: আয় উন্নতিৰ বাবে দিনটো শুভ যদিও ব্যয় বহুলতাৰ কাৰণে সঞ্চয় নহ’ব। বাধা-বিপত্তি থকা সত্ত্বেও লক্ষ্যত উপনিত হ’ব পাৰিব। আকস্মিকভাবে প্রাপ্তিযোগ ঘটিব পাৰে। কিবা কাৰণত মানসিক অশান্তিত ভুগিব পাৰে। শুভ ৰং হালধীয়া।

বৃষ: কর্মক্ষেত্র সুখ্যাতি লাভ। ভ্রাতৃৰ লগত মতৰ অমিল দেখা দিব পাৰে। চকুৰ সমস্যাত ভুগিব পাৰে। অযথা অর্থ নাশ হ’ব পাৰে। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত তেনে শুভ নহ’ব। উচ্চ বিদ্যার্থীৰ উন্নতিৰ যোগ। শুভ ৰং কমলা।

মিথুন: নিজৰ ভুলৰ কাৰণে ভাল সুযোগে হাত এৰা হ’ব পাৰে। দৈনন্দিত কাম-কাজত বাধাৰ মাজেৰে অগ্রগতি, আকস্মিক কোনো অপ্রীতিকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে। গতিকে সাৱধানতা অৱলম্বন কৰিব। শুভ ৰং ৰঙা।

কর্কট: নিজৰ কোনোবাৰ লগত বিবাদৰ সূত্রপাত ঘটিব পাৰে। বুধৰ শুভ প্রভাৱৰ ফলত ব্যৱসায়-বাণিজ্যত শুভ প্রভাৱ পৰিব। গৃহ নিৰ্মাণৰ পৰিকল্পনা গ্রহণ কৰিব পাৰে। বিনা কাৰণত অপবাদৰ ভয় আছে। শুভ ৰং সেউজীয়া।

সিংহ: অশুভ ৰাহুৰ কাৰণে কৰ্মত পদোন্নতি ক্ষেত্রত বাধা থাকিব। ৰাহুৰ অশুভ প্ৰভাৱৰ ফলত শত্ৰুৰ বেয়া নজৰত পৰিব পাৰে। পাৰিবাৰীক ক্ষেত্রত শান্তি বিঘ্নিত হ’ব পাৰে। বিদ্যার্থীৰ মানসিক চঞ্চলতা বৃদ্ধিৰ ফলত বাধা। শুভ ৰং বগা।

কন্যা: বুধৰ শুভ প্রভাৱত সম্পদ লাভৰ যোগ। কর্মসূত্রে বাহিৰলৈ হোৱাৰ যোগ। দাম্পত্যত সুখ আৰু শান্তি বজাই থাকিব। খং নিয়ন্ত্ৰণত ৰাখিব। বিনা কাৰণত মানহানিৰ যোগ, গতিকে সতর্কতা অৱলম্বনা কৰিব। শুভ ৰং নীলা।

তুলা: আর্থিক ক্ষেত্রত উন্নতিৰ যোগ। কিবা কাৰণত মানসিক পীড়াত ভুগিব পাৰে। যোগ্যতা অনুযায়ী নিবনুৱাৰ কৰ্মপ্ৰাপ্তিৰ যোগ। বন্ধু বিয়োগৰ যোগ। কিবা কাৰণত মনত ভয়ৰ সঞ্চাৰ হ’ব পাৰে। প্ৰেমত অশুভ। শুভ ৰং ৰঙা।

বৃশ্চিক: যোগ্যতা অনুযায়ী কৰ্ম পৰিৱৰ্তনৰ যোগ আছে। শিক্ষকতাৰ লগত জড়িত ব্যক্তি সকলোেৰ শুভ বুলি ক’ব নোৱাৰি, ঘৰুৱা দিশত সমস্যা দেখা দিব পাৰে। আর্থিক ক্ষেত্রত শুভ যদিও সঞ্চয় নহ’ব। শুভ ৰং সোণালী।

ধনু: নিবনুৱাৰ কৰ্মলাভৰ যোগ। কর্মক্ষেত্ৰত বিশৃংখলা দেখা দিব পাৰে। আত্মীয়ৰ কৰণে ক্ষতিগ্রস্ত হ’ব পাৰে। মূৰৰ বিষত কষ্ট পাব পাৰে। আকস্মিক ভাবে কোনো বিতৰ্কৰ হ’ব পাৰে। শুভ ৰং গুলপীয়া।

মকৰ: অন্য ব্যক্তিৰ সহায়ত উন্নতিৰ যোগ। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব যদিও আর্থিক ক্ষেত্রত কোনোতো ভাল ফল নাপাব। সন্তানৰ কৰ্ম প্ৰাপ্তিৰ যোগ। বিদ্যার্থীৰ শুভ ফলদায়ক। শুভ ৰং মাটিয়া।

কুম্ভ: পৰিকল্পিত কর্মত ব্যাঘাত ঘটিব পাৰে। বাধা বিপত্তি সত্ত্বেও বিদ্যার্থীৰ সাফল্য আহিব। যান-বাহন চলোৱাৰ পৰা সতর্ক থাকিব। আর্থিক ক্ষেত্রত উন্নতিৰ যোগ আছে যদিও অপ্রত্যাশিতভাবে বাধা দেখা দিব পাৰে। শুভ ৰং ক’লা।

মীন: কর্মক্ষেত্রত একাধিক সুযোগ সুবিধা আহিব। গুপ্ত শত্ৰুৰ পৰা সতর্ক থাকিব। বস্তু কিনা-বেচাৰ বাবে দিনটো শুভ ফলদায়ক হ’ব। গুৰুজনৰ লগত কিবা কাৰণত মতানৈক্য দেখা দিব পাৰে। শুভ ৰং ৰঙা।

Exit mobile version