Assamese Movie Bhut Jalakia:গ্ৰীন গ্ৰাছ ফিল্মছৰ দী দী এন্টাৰটাইনমেন্টৰ বেনাৰত ২৭ ছেপ্তেম্বৰত মুকলি হ’ব এখন থ্ৰীলাৰধৰ্মী অসমীয়া চিনেমা ‘ভূত জলকীয়া ‘

bhut jalakia

Assamese Movie Bhut Jalakia:

গ্ৰীন গ্ৰাছ ফিল্মছৰ দী দী এন্টাৰটাইনমেন্টৰ বেনাৰত ২৭ ছেপ্তেম্বৰত মুকলি হ’ব এখন থ্ৰীলাৰধৰ্মী অসমীয়া চিনেমা ‘ভূত জলকীয়া ‘ ৷ চলচ্চিত্ৰ খনৰ কাহিনী চিত্ৰনাট্য আৰু সংলাপ চিন্ময় শৰ্মাৰ। ১ঘন্টা ৩০ মিনিট দৈঘ্যৰ চিনেমা খনৰ কাহিনী ভাগ ভাগ আগবাঢ়ে জীৱন আৰু মাইনু নামৰ দুজন মানুহে কৰা এটা ৰোমাঞ্চকৰ যাত্ৰাক লৈ, যত তেওঁলোক দুজনৰে জীৱনৰ এটা কলা অধ্যায় আছে, এটা কলা অতীত । এনেকুৱা এটা অতীত যাৰ কাৰণে অসম আজিও দাগী ।

চিনেমাখনত জীৱনৰ চৰিত্ৰত অভিনয় কৰিছে মিন্টু বৰুৱাই আৰু মাইনুৰ চৰিত্ৰটো ৰূপায়ন কৰিছে অতনু মহন্তই । লগতে অভিনয় কৰিছে ত্ৰিবেণী গগৈ, ভায়লীনা বৰদলৈ, অদৃতা পৰসা মহন্ত, জয়শ্ৰী ভূঞা, তাৰুলতা দাস, দ্বীপ কুমাৰ কলিতা আৰু বিশাল ওজাই । লগতে আছে নয়ন বৰদলৈ, ৰাজতিলক ডেকা, গৌতম পাঠক, জয়শ্ৰী ভূঞা, ভূপেন শৰ্মা, বৰ্ণালী কাকতি, ভাৰ্গৱ বৰা, ঋণজুমনি নেওগ আৰু খঞ্জন ভট্টাচাৰ্য । অৰুণাচলৰ মনোমোহা টিপি, জামুগুৰি আৰু তেজপুৰত চিনেমাখনৰ দৃশ্যগ্ৰহন কৰা হৈছে । চিনেমাখনৰ ৪ তা গান আছে আৰু গানকেইটাৰ সংগীত কৰিছে ক্ৰমে শুভ দাস, দা জেমিং বাদিছ আৰু অপৰাজিত শ্ৰীছ । অপৰাজিত চিনেমাখনৰ আৱহ সংগীতৰ দায়িত্বতও আছে । গান কেইটাত কণ্ঠদান কৰিছে ৰূপম ভূঞা, ঋষি বৰা, উদ্দীপনা গোস্বামী, অলিম্পন চৌধুৰী আৰু আকাশদ্বীপ বাউটি ।

চিনেমাখনৰ কাৰিকৰী দিশত পাপু ডেকা চিনেমাটোগ্ৰাফিৰ দায়িত্বত আছে । শব্দ সজ্জা কৰিছে দেৱজিত গায়নে । লোকেচন চাউণ্ড কৰিছে দিকি শইকীয়া আৰু ৰাজতিলক ডেকা । সম্পাদনা কৰিছে হিৰক জ্যোতি পাঠকে । দি আই কৰিছে ৰতন শিল শৰ্মাই । চিনেমাখনৰ পোষ্টাৰ ডিজাইন কৰিছে তন্ময় কাকতি , মাৰ্কেটিংৰ দায়িত্বত আছে প্ৰিয়ংকা বৰুৱা । অনলাইন এডিটিং ভাস্কৰ ভূঞাৰ ।

চিনেমাখনৰ কাহিনী আৰু চিত্ৰনাট্য চিন্ময় শৰ্মাৰ । ডাইলগ লিখিছে নীল বৰ্মন আৰু চিন্ময় শৰ্মাই । পৰিচালক চিন্ময়ৰ এইখন দ্বিতীয় খন পূৰ্ণদৈৰ্ঘৰ ছবি । ইয়াৰ আগতে তেওঁ ৰীল ড্ৰামাৰ কাৰণে “এজনী ছোৱালী” বুলি এখন চিনেমা ৰচনা আৰু পৰিচালনা কৰিছে । ইয়াৰ আগতে “ককাইদেউ বিন্দাচ” বুলি এখন চিনেমাৰ তেওঁ কাহিনী আৰু চিত্ৰনাট্য লিখিছিল । চিনেমাখনৰ সহ পৰিচালক নীল বৰ্মন আৰু পৰিচালনা টিমত আছে কিশালয় বুজৰবৰুৱা, নয়ন বৰদলৈ আৰু নীতিশ কাশ্যপ ।

Exit mobile version