Controversial doctor Mridu Pawan Nath granted bail:বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথৰ জামিন মঞ্জুৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে জামিন' আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ডাঃ নাথ

dr.nath bail

Controversial doctor Mridu Pawan Nath granted bail:

বহু বিতৰ্কিত চিকিৎসক মৃদুপৱন নাথৰ জামিন লাভ । গুৱাহাটী উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰিলে চিকিৎসক গৰাকীৰ জামিন আবেদন।

উল্লেখ্য যে,মঙলদৈ থানাত ২৩২/২০২৪ নম্বৰত ৰজু হোৱা আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল ডা:নাথক ৷ নাথৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ৩১৬,৩১৯,৩৩৬ আৰু ৩৪০ ধাৰা সন্নিৱিষ্ট কৰা হৈছিল ৷

স্মতৰ্ৱ্য যে, মুখ্যমন্ত্ৰী তদাৰকী শাখাই দিয়া এক পত্ৰৰ উত্তৰ ভুৱাকৈ প্ৰস্তুত কৰি দিছিল ৷ যাৰবাবে তদাৰকী শাখাই গ্ৰেপ্তাৰ কৰে ৷ প্ৰাপ্ত খবৰ অনুসৰি মঙলদৈ জে এছ এম নাছিং হোমত ডা:নাথৰ আছিল শ্বেয়াৰ ৷ এই তথ্য লাভ কৰিছিল চিএম ভিজিলেঞ্চে ৷ এই সম্পৰ্কীয় তথ্য লাভৰ বাবে এক পত্ৰ ভিজিলেঞ্চে প্ৰেৰণ কৰিছিল নাছিং হোম কৰ্তৃপক্ষলৈ ৷ এই পত্ৰৰ উত্তৰ দিবলগীয়া প্ৰশাসনিক বিষয়া গৰাকী সেই সময়ত আছিল বিদেশত ৷

ইয়াৰ সুযোগ লৈ ডা:নাথে ভুৱাকৈ প্ৰশাসনিক বিষয়া গৰাকীৰ নামত উত্তৰ দিছিল ৷পিছত এই কথা গম পাই ডা:নাথৰ বিৰুদ্ধে জে এছ এম নাছিং কৰ্তৃপক্ষই গোচৰ তৰিছিল মঙলদৈ থানাত ৷ আনহাতে আয়-বহিৰ্ভূত সম্পত্তিৰ গোচৰত চি এম ভিজিলেন্সে ডা:নাথৰ ঘনিষ্ঠ চিকিৎসা, যুৱতী,নাৰ্ছ সহ বহু কেই গৰাকী লোকক তদন্ত আওতালৈ আনি সোধপোছ কৰিছিল। আৰক্ষীৰ জেৰাত বহু তথ্য সদৰি কৰিছিল ৷ এই বিস্ফোৰক স্বীকাৰোক্তিৰ ভিত্তিতে মঙলদৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিৰ্তকিত চিকিৎসকজনক৷

Exit mobile version