Controversial RTI activist Dulal Barah arrested in Delhi:বহু বিতৰ্কিত আৰু টি কৰ্মী দুলাল বৰাক দিল্লীত গ্ৰেপ্তাৰ

দিল্লী আৰক্ষীৰ ক্ৰাইম বাঞ্চে গ্ৰেপ্তাৰ কৰে কালৰা হাস্পতালৰ পৰা, দিল্লীলৈ ৰাওনা চৰাইদেও আৰক্ষী, আজিয়েই দিল্লী আদালতত হাজিৰ কৰি ট্রেনজিত ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক

DULAL BORA

Controversial RTI activist Dulal Barah arrested in Delhi:

দিল্লীত গ্ৰেপ্তাৰ কুখ্যাত আৰ টি আই কৰ্মী দুলাল বৰা। দিল্লী আৰক্ষীৰ ক্ৰাইম বাঞ্চৰ এটা দলে বিশেষ সূত্ৰ পম খেদি পশ্চিম দিল্লীৰ কালৰা হাস্পতালৰ পৰা গ্ৰেপ্তাৰ কৰে বৰাক ৷ বেমাৰৰ ভাও জুৰি চিকিৎসালয়ত ভৰ্তি হৈছিল ৷ আজিয়ে হয়তো দিল্লীৰ আদালতত হাজিৰ কৰোৱা হ’ব ৷

আৰ টিআই নামত ব্লেকমেইল কৰাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন থানাত গোচৰ ৰজু আছিল। শেহতীয়াকৈ চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ স’তে সাঙোৰ খাইছিল দুলাল বৰাৰ নাম। বিজেপি নেতাজনে চুইচাইড নোটত উল্লেখ আছিল দুলাল বৰা স্থানীয় সাংবাদিক ৰফিক আহমেদ সহ আন এজনৰ নাম।

আনহাতে প্ৰয়াত দেৱজিৎ হাজৰিকাৰ দুৰ্ভগীয়া পত্নীয়ে দুলাল বৰা সহ আন তিনিজনৰ বিৰুদ্ধে গোচৰ ৰজু কৰিছিল ৷ ইয়াৰ পাছতে চিএম ভিজিলেঞ্চে গুৱাহাটীস্থ কাৰ্যালয়লৈ তলব কৰিছিল বৰাক ৷ কিন্ত তেতিয়াৰ পৰা আত্মগোপন কৰি থাকি অন্তৱৰ্তীকালীন জামিন বিচাৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ কিন্ত আদালতে জামিন নিদি বৰং আৰক্ষীক ২৩ অক্টোবৰৰ ভিতৰত দুলাল বৰাৰ বিৰুদ্ধে কেছ ডায়েৰী দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে ।

তাৰ পিছত আত্মগোপন কৰি থকাৰ মাজতে অৱশেষত মঙলবাৰে নিশা  দিল্লী আৰক্ষীৰ জালত পৰে ধুৰন্ধৰ আৰটিআই কৰ্মীজন। উল্লেখ্য যে, আৰটিআইৰ জৰিয়তে কেৰোণৰে ধন আহৰণ কৰি দুলাল বৰাই গণেশগুৰিত স্থাপন কৰিছিল এন ই ভাৰত নামৰ এটা প’ৰ্টেল৷ উণ্থাপিত অভিযোগ অনুসৰি এই প’ৰ্টেলৰ জৰিয়তে বিভিন্ন কাৰ্যালয়ত আৰ টি আই মাৰি ধন ঘটি আহিছিল ৷ আনকি প’ৰ্টেলটোৰ মেনেজাৰ গকুল বৰ্মনৰ নামটো আৰ টি আই মাৰিছিল। এই বিস্ফোৰক অভিযোগ সদৰি কৰিছে আৰক্ষীক ৷
আনহাতে দুলাল বৰাৰ আয় বহিৰ্ভূত সম্পত্তিৰ তথ্য বিচাৰি আয়কৰলৈ আবেদন জনাইছে চি এম ভিজিলেঞ্চে ৷ ইতিমধ্যে দিল্লীলৈ ৰাওনা হৈছে চৰাইদেও আৰক্ষীৰ এটা দল। আজিয়ে আৰক্ষীয়ে ট্ৰেনজিত ৰিমাণ্ডত বিচাৰিব দুলাল বৰাক। হয়তো বৃহস্পতিবাৰে গুৱাহাটীলৈ কুখ্যাত দুলাল বৰাক গুৱাহাটীলৈ অনাৰ সম্ভাৱনা আছে ৷

ইপিনে দুলাল বৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই কয়,আৰ টি আইৰ নামত ব্লেকমেইলিঙ  কৰা বৰাক কোনো চৰকাৰী বিভাগে যাতে ভৱিষ্যতে তথ্য নিদিয়ে তাৰ ব্যৱস্থা লোৱা হ’ব ৷ একেদৰে ৰাজ্যৰ তথ্য আয়োগকো দুলাল বৰাক এজন অপৰাধী হিচাপে গন্য কৰিবলৈ আহ্বান জনোৱা হৈছে বুলি সদৰি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ স’তে সাঙোৰ খোৱা ৰফিক আহমেদৰ অগ্ৰিম জামিন মঞ্জুৰ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ পিছৰে আত্মগোপন কৰি আছিল সাংবাদিকজনে ৷

Exit mobile version