Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: কর্মক্ষেত্রত সাফল্যৰ যোগ, দায়িত্ব পালনৰ কাৰণে নিজৰ অৰ্থক্ষতি। নতুন মিত্ৰ লাভৰ যোগ আছে। পাৰিবাৰিক ক্ষেত্ৰত চিন্তা বাঢ়িব। অলপ খঙৰ কাৰণে ডাঙৰ ক্ষতি হ’ব পাৰে। শুভ ৰং বগা।

বৃষ: কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব। গুপ্ত শত্ৰুৰ কাৰণে নিবনুৱাৰ কৰ্ম প্রান্তিত বাধা। দিনৰ মাজভাগৰ পৰা হঠাৎ অৱনতি ঘটিব পাৰে। অযথা ব্যয়-বৃদ্ধিৰ ফলত মানসিক চাপ বৃদ্ধি। উচ্চ বিদ্যা লাভৰ বাবে একাধিক সুযোগ আহিব। প্রেমত অস্থিৰতা। শুভ ৰং ৰঙা।

মিথুন: কর্মক্ষেত্রত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা দেখা যায়। নিবনুৱা জাতক- জাতিকাৰ নতুন সুযোগ আহিব। বাধাৰ-বিঘিনীৰ মাজেৰে ব্যৱসায়ত সাফল্য আহিব। পিতৃ-মাতৃৰ শাৰীৰিক অৱস্থাৰ কাৰণে চিন্তা। প্ৰেম আৰু দাম্পত্যত মতবিৰোধ। আর্থিক উন্নতিৰ যোগ। বিদ্যার্থীৰ মধ্যম ফল। শুৰ ৰং হালধীয়া।

কর্কট: বাধা থকা সত্ত্বেও কর্মক্ষেত্রত উন্নতি অব্যাহত থাকিব। পাৰিবাৰিক অশান্তিৰ কাৰণে মানসিক অশান্তি থাকিব। আর্থিক উন্নতিৰ প্ৰবল যোগ আছে যদিও লগত কিছু বাধা থাকিব। উচ্চ বিদ্যা লাভৰ বাবে অপ্রতাশিতভাৱে জটিলতা দেখা দিব পাৰে। শুভ ৰং সেউজীয়া।

সিংহ: অযথা বিবাদৰ ফলত দৈনন্দিন কামত ক্ষতি। কর্মক্ষেত্রত পদোন্নতিৰ লগত স্থান পৰিৱৰ্তনৰ সম্ভাৱনা দেখা দিব পাৰে। সুযোগৰ অপব্যৱহাৰ নকৰি কামত লগোৱাৰ চেষ্টা কৰিব। শুভ ৰং বগা।

কন্যা: অপ্রত্যাশিতভাৱে কৰ্মক্ষেত্ৰত জটিলতা দেখা দিব। মিছা অপবাদৰ ভয় আছে। গতিকে চলাফুৰা আৰু যাত্রা কথা-বতৰাৰ পৰা সতৰ্ক থাকিব। উচিত কথা কোৱাৰ কাৰণে শত্রুতাৰ সৃষ্টি হ’ব। সৎ বন্ধু লাভৰ যোগ। দৈনন্দিন খৰচ পাতিৰ বিষয়ে অলপ সতর্ক দৃষ্টি ৰাখিব। শুভ ৰং কমলা।

তুলা: চাকৰিৰ ক্ষেত্ৰত উন্নতিৰ যোগ। আবেগৰ বশৱৰ্তী হৈ কোনোধৰণৰ কাম নকৰিব। পাৰিবাৰিক ক্ষেত্ৰত নতুনকৈ কোনো সমস্যা দেখা দিব পাৰে। দিনটোত আয় আৰু ব্যয়ৰ পৰিমাণ সমান হ’ব। শুভ ৰং নীলা।

বৃশ্চিক: সামাজিক কামত সম্মান বৃদ্ধিৰ যোগ। দিনৰ মাজভাগৰ পৰা ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত পৰিৱৰ্তন আহিব। অবৈধ প্ৰেমৰ ক্ষেত্ৰত মানহানি আৰু মামলা-মোকদমাৰ যোগ। শুভ ৰং হালধীয়া।

ধনু: বাধাৰ মাজেদিও গুৰুত্বপূৰ্ণ কামত সাফল্য আহিব। বিদ্যাৰ্থীৰ অপ্রত্যাশিতভাবে ডাঙৰ কোনো বাধা পৰিব পাৰে। কিবা বিষয়লৈ পিতৃ- মাতৃৰ লগত মত বিৰোধ হ’ব পাৰে। সমাজৰ ভাল কাম কৰাৰ প্ৰৱণতা বৃদ্ধি পাব। শুভ ৰং ৰঙা।

মকৰ: চাকিৰৰ ক্ষেত্ৰত সম্মান প্রাপ্তিৰ যোগ। পাৰিবাৰীক ক্ষেত্রত চলি থকা সমস্যাবোৰৰ সমাধান হ’ব পাৰে। অপ্রত্যাশিকভাৱে কিছু অতিৰিক্ত অর্থ হাতলৈ অহাৰ সম্ভাৱনা আছে। বিদ্যার্থীৰ মধ্যম ফল। শুভ ৰং নীলা।

কুম্ভ: চাকৰিৰ ক্ষেত্ৰত কিছু অতিৰিক্ত দায়িত্ব আহিব পাৰে। প্ৰাপ্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত প্ৰতাৰণা হ’ব পাৰে। বিশেষ কামৰ বাবে কিছু অর্থ ঋণ কৰিবলগা হ’ব পাৰে। নতুন যোগাযোগৰ ক্ষেত্ৰত শুভ প্ৰভাৱ পৰিব। শুভ ৰং হালধীয়া।

মীন: কৰ্মক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ স্বীকৃতি লাভ কৰিব। হঠাৎ ব্যৱসায়- বাণিজ্যত বিশৃংখলা দেখা দিব পাৰে। সামাজিকতাত ব্যস্ত থকাৰ ফলত নিজৰ গুৰুত্বপূৰ্ণ কামৰ ক্ষতি। পিতৃ-মাতৃৰ লগত মতভেদ। শুভ ৰং ক’লা।

Exit mobile version