Elderly man got married to 25 year old girl:যুৱতীৰে বিবাহ ৭৫ বছৰীয়া বৃদ্ধৰ !

সামাজিক মাধ্যমত ভাইৰেল পাত্র-পাত্ৰীৰ ভিডিঅ'

married

Elderly man got married to 25 year old girl:

পাত্ৰৰ বয়স ৭০ৰ ঊর্ধ্বৰ। পাত্ৰীৰ বয়স বৰ বেছি ২৫-২৬ বছৰ। তৰুণী পাত্ৰীলৈ চাই ঘনে ঘনে ৰহস্যজনক হাঁহি মাৰিছে বৃদ্ধ পাত্রই। সম্প্রতি এনে এহাল পাত্র-পাত্ৰীৰ ভিডিঅ’ ভাইৰেল হৈছে সামাজিক মাধ্যমত। ভাইৰেল ভিডিঅ’ত আবদ্ধ হোৱা দৃশ্য অনুসৰি মূৰত পাগুৰি আৰু ডিঙিত মালা পৰিধান কৰি এজন বৃদ্ধ বিবাহ মণ্ডপত বহি আছে। তেওঁৰ কাষতে আছে কইনা।

বেনাৰসী শাড়ী পৰিহিতা যুৱতী কইনাই লগতে পিন্ধিছে সোণ-ৰূপৰ অজস্ৰ গহনা। বৃদ্ধ দৰাই কইনাৰ মুখলৈ চাই বাৰে বাৰে মাৰিছে হাঁহি। কেমেৰাৰ ফালেও চাইছে দৰাই। এই ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হোৱাত ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে ভিন্ন প্রতিক্রিয়া প্রকাশ কৰিছে।

২৫-২৬ বছৰীয়া যুৱতীৰ স’তে এজন ৭০-৭৫ বছৰীয়া লোকে বিবাহ সম্পন্ন কৰাটো এক অপকর্ম বুলি সৰহ সংখ্যক সামাজিক মাধ্যম ব্যৱহাৰকাৰীয়ে মন্তব্য কৰিছে। এনে কৰ্মত লিপ্ত উক্ত ব্যক্তিক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা উচিত বুলিও একাংশই দিহা দিছে।

অৱশ্যে বাস্তৱত এইখন বিবাহ ক’ত হ’ল সেয়া উক্ত ভিডিঅ’ত উল্লেখ কৰা নাই। একাংশৰ মতে, সামাজিক মাধ্যমত ২০২৩ৰ ফেব্ৰুৱাৰীতে এই ভিডিঅ’ প্রথম প’ষ্ট কৰা হৈছিল। বৃদ্ধই ধনৰ বলৰে এইদৰে এগৰাকী যুৱতীক বিয়া কৰোৱাৰ অভিযোগো অনেকে সামাজিক মাধ্যমত কৰিছে। এই ভিডিঅ‘ সামাজিক মাধ্যমৰ ৰীল আছিল নে বাস্তৱত প্রকৃততে সম্পন্ন হৈছিল সেই কথাও স্পষ্ট নহয় ৷

Exit mobile version