Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ : কিবা কাৰণত মানসিক অশান্তি বৃদ্ধি পাব পাৰে। শৰীৰত আঘাতপ্রাপ্তিৰ সম্ভাৱনা দেখা যায়। আর্থিক ক্ষেত্রত শুভ যদিও ব্যয় বৃদ্ধিৰ ফলত মানসিক চিন্তা। আইনজীবীৰ বাবে দিনটো শুভ ফলদায়ক হ’ব।

বৃষ: বিভিন্ন কাৰণত ব্যয়ৰ পৰিমাণ অত্যধিক বৃদ্ধি পাব। আকস্মিক অর্থপ্রাপ্তিৰ যোগ দেখা যায়। পেট আৰু দাঁতৰ সমস্যাত কষ্ট পাব পাৰে। সামাজিক কাম-কাজৰ ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ।

মিথুন: কোনোবাই আপোনাৰ লগত প্ৰতাৰণা কৰিব পাৰে। শুভ সংবাদ যোগ আছে। আকস্মিকভারে কর্মক্ষেত্রত বাধা দেখা দিব পাৰে। বুধৰ প্ৰভাৱত ব্যবসায়-বাণিজ্যত কিছু হ’লেও শুভ প্রভাৱ পৰিব। শুভ ৰং হালধীয়া।

কর্কট: নতুন কামত উন্নতি অব্যাহত থাকিব। আর্থিক উন্নতিৰ ফলত কিছু হ’লেও ঋণ পৰিশোধ কৰিব পাৰিব। গৃহ বিবাদৰ ভয় আছে। ভ্রমণৰ যোগ আছে যদিও আজি ভ্রমণ নকৰাই ভাল হ’ব।

সিংহ: ৰাহৰ অশুভ প্রভাবৰ ফলত কর্মক্ষেত্রত ব্যাঘাত ঘটিব পাৰে। যানবাহনার পৰা ভয় আছে। গতিকে চলাফুৰাত সতর্ক থাকিব। শত্রুরে আপোনাৰ ক্ষতি কৰিব বিচাৰিব , গতিকে শত্ৰুৰ পৰা সতৰ্ক থাকিব।

কন্যা: বুধৰ প্রভাৱত দৈনন্দিন কামত উৎসাহ বৃদ্ধি পাব। বিশেষ কোনো কামৰ বাবে বাহিৰলৈ যোৱাৰ যোগ আছে। তেজ সংক্রান্ত বেমাৰত ভুগিব পাৰে। । ব্যৱসায়-বাণিজ্যত ভাল ফল আশা কৰিব পাৰে। বিদ্যার্থীৰ শুভ।

তুলা: শুক্ৰৰ শুভ প্রভাৱত বাজহুবা সন্মান লাভৰ যোগ। কর্মক্ষেত্রত ব্যস্ততা বৃদ্ধি পাব। কিবা বিষয়লৈ পতি-পত্নীৰ মাজত বিৰোধ দেখা দিব পাৰে পিতৃ-মাতৃয়ে সন্তানৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। প্ৰেমত অশুভ।

বৃশ্চিক: নানান বাধা-বিঘিনিৰ মাজেৰে দিনটো পাৰ হ’ব। শত্ৰু দ্বাৰা আক্ৰান্ত হ’ব পাৰে, গতিকে শত্ৰুৰ গতিবিধিৰ ওপৰত লক্ষ্য ৰাখিব। কিবা বিষয় লৈ নিকট আত্মীয়ৰ লগত বিৰোধ দেখা দিব পাৰে। বিদ্যার্থীৰ শুভ ফলদায়ক।

ধনুঃ বৃহস্পতিৰ শুভ প্রভাবত মনত কোনো আশাৰ সঞ্চাৰ হ’ব পাৰে। শত্রুৱে বিৰোধিতা কৰিও আপোনাৰ কোনো ক্ষতি কৰিব নোৱাৰে। ঘৰত আত্মীয়ৰ সমাগম ঘটিব পাৰে। ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক হ’ব। প্রেম আৰু দাম্পত্যত শুভ ফলদায়ক হ’ব। শুভ ৰং বেঙুনীয়া।

মকৰঃ দৈনন্দিন কাম-কাজত উন্নতি। আকস্মিক কোনো বিপদৰ সন্মুখীন হ’ব পাৰে। গতিকে দিনটোত সতর্কতা অবলম্বন কৰিব। কর্মক্ষেত্ৰত পদোন্নতিৰ যোগ। অশুভ সংবাদ প্রাপ্তিৰ ফলত মানসিক অশান্তি। বিদ্যার্থীৰ শুভ।

কুম্ভ: সামাজিক দিশত সম্মান আৰু প্ৰতিপত্তি বৃদ্ধিৰ যোগ। দুর্ঘটনাৰ ভয় গতিকে চলাফুলাত সতর্ক থাকিব। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান বৃদ্ধিৰ যোগ। আকস্মিক অর্থপ্রাপ্তিৰ যোগ। বিদ্যার্থীৰ শুভ ফলদায়ক।

মীন: পাৰিবাবিক ক্ষেত্ৰত শুভ ফলদায়ক হ’ব। কিবা বিষয় লৈ ভ্রাতৃৰ লগত মতবিৰোধ হ’ব পাৰে। পিতৃ-মাতৃৰ অসুস্থতাৰ কাৰণে অর্থ ব্যয় চাকৰিয়াল সকলে সতর্কতাবে কর্তব্য পালন কৰিব। বিদ্যার্থীৰ অশুভ ফলদায়ক।

Exit mobile version