School bus crashes,barely saved 50 young students: দুৰ্ঘটনাত পতিত স্কুলবাছ,কৃথমপি ৰক্ষা পৰিল ৫০গৰাকী কণমানি শিক্ষাৰ্থী

আঘাতপ্ৰাপ্ত কে'বা গৰাকী শিক্ষাৰ্থীক ভৰ্তি চিকিৎসালয়ত

school bus

School bus crashes,barely saved 50 young students:

মাৰ্ঘেৰিটাত পুৱাই সংঘটিত হ’ল এক পথ দুৰ্ঘটনা । দুৰ্ঘটনাত পতিত হ’ল এখন স্কুলবাছ ৷ ছাত্ৰ- ছাত্ৰী কঢ়িয়াই অনা এ এছো২৩-এচি-৭৫৯৯ নম্বৰৰ বাছ এখনে নিয়ন্ত্ৰণ হেৰুৱাই মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবৰ ওচৰৰ পথৰ দাঁতিত থকা এখন পকী দেৱালত প্ৰচণ্ড খুন্দা মাৰে ৷

পুৱাই সংঘটিত দুৰ্ঘটনাটোত কথমপি ৰক্ষা পৰে ৫০ গৰাকী ছাত্ৰ-ছাত্ৰী৷ অৱশ্যে আংশিকভাবে আঘাতপ্ৰাপ্ত কে’বাজনো ছাত্ৰ-ছাত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ দুৰ্ঘটনা গ্ৰস্ত বাছ খন আৰু ছাত্ৰ- ছাত্ৰীসকল ছেইণ্ট মেৰিজ স্কুলৰ ৷

Exit mobile version