Asom Chatra Parishad:গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থীৰ জয়জাত্ৰা,অগপৰ অভিনন্দন

acp new

Asom Chatra Parishad:

অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত কেইবাগৰাকীও প্ৰাৰ্থীয়ে আজি ঘোষিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজয় সাব্যস্ত কৰে।

সাধাৰণ সম্পাদক পদত কৌশিক বৰুৱা, তৰ্ক আৰু আলোচনাচক্ৰৰ সম্পাদক পদত মিণ্টু ডেকা, শৰীৰচৰ্চা সম্পাদক পদত প্ৰিয়াংক বৰ্মন, ক্ৰীড়া সম্পাদক পদত ৰৌশন কুমাৰ চাহু আৰু সমাজ সেৱা সম্পাদক পদত দীপজ্যোতি চহৰীয়াই বিজয় ধ্বজা উৰুওৱাবলৈ সক্ষম হয়। নৱনিৰ্বাচিত প্ৰতিগৰাকী প্ৰাৰ্থীক অসম গণ পৰিষদে অযুত অভিনন্দন জ্ঞাপন কৰিছে আৰু তেওঁলোকৰ নতুন কাৰ্যকালৰ বাবে শুভকামনা জ্ঞাপন কৰিছে ৷

Exit mobile version