CID summons YouTuber Chakrapani Parashar in connection with online trading caseঅনলাইন ট্ৰেডিং গোচৰ সম্পৰ্কত এইবাৰ সাংবাদিক চক্রপাণি পৰাশৰলৈ CIDৰ চমন

ডিব্ৰুগড় থানাত CID ৰ অনুসন্ধানকাৰী বিষয়াৰ ওচৰত উপস্থিত হবলৈ নিৰ্দেশ পৰাশৰক

chakrapani

CID summons YouTuber Chakrapani Parashar in connection with online trading case:

ৰাজ্যৰ বহুচৰ্চিত অনলাইন ট্ৰেডিং গোচৰ সম্পৰ্কত ক্ষীপ্ৰতাৰে তদন্ত চলাই থকা চিআই ডিয়ে এইবাৰ চমন জাৰি কৰিলে ইউটিউবাৰ তথা প্ৰাক্তন সাংবাদিক চক্রপাণি পৰাশৰলৈ ৷ শণিবাৰে বিয়লি চাৰি বজাত ডিব্ৰুগড় থানাত চিআইডিৰ অনুসন্ধানকাৰী বিষয়াৰ ওচৰত হাজিৰ হ’বলৈ কোৱা হৈছে নটিছ খনত ৷ উল্লেখ্য যে ১৭৯ BNSS ধাৰাৰ অধীনত জাৰি কৰা হয় নটিছ ৷

ডিব্ৰুগড় আৰক্ষী থানাৰ গোচৰ নং ৩৫২/২০২৪, ধাৰা ৩১৬(২)/৩১৮(৪) BNS ২০২৩ আৰু ধাৰা ২১(১)/২১(২)/২১(৩)/২৩ (Banning of Unregulated Deposit Scheme Act, 2019) ধাৰাৰ অধীনত কৰা অনুসন্ধানত আৰু অতিৰিক্ত ধাৰা ৬১(২)২৩৮ BNS ২০২৩ অনুসৰি, কিছু প্ৰাসংগিক তথ্য আৰু পৰিস্থিতি স্পষ্ট কৰিবলৈ সোধ-পোছ কৰিবৰ বাবে যথেষ্ট কাৰণ পোৱা গৈছে পৰাশৰ বিৰুদ্ধে বুলি উল্লেখ কৰা আছে চমনত।

মনকৰিবলগীয়া যে,এই একেটা গোচৰতে গ্ৰেপ্তাৰ হৈছিল প্ৰবঞ্চক বিশাল ফুকন,চুমি বৰা আৰু তাৰ্কিক বৰুৱা ৷

Exit mobile version