Follow these rules to be successful on social media:ছ’চিয়েল মিডিয়াত সফল হ’বলৈ মানি চলক এই নিয়ম

share

Follow these rules to be successful on social media:

ছ’চিয়েল মিডিয়াৰ মাধ্যমত এতিয়া বহু লোকে সফল কেৰিয়াৰ গঢ়িছে। ফে’চবুক, ইউটিউব, ইনস্টাগ্রামৰ জৰিয়তে ডিজিটেল ক্রিয়েটৰ হিচাপে পৰিচিত হৈছে বহু লোকে। কিন্তু এজন সফল ছ’চিয়েল মিডিয়া ইনফ্লুয়েন্সাৰ হ’বলৈ কি কি গুণৰ প্ৰয়োজন হয়? আপুনিও যদি সামাজিক মাধ্যমত ডিজিটেল ক্রিয়েটৰ হিচাপে জনপ্রিয় হ’ব বিচাৰিছে, তেন্তে কেনেকৈ ইয়াৰ বাবে আগবাঢ়িব? সামাজিক মাধ্যমৰ অন্যতম এজন জনপ্রিয় ক্রিয়েটৰ গৌতম নাগৰ মতে, সামাজিক মাধ্যমত কম সময়ৰ ভিতৰতে জনপ্রিয় হ’ব বিচাৰিলে ক্রিয়েটৰ হিচাপে এক নির্দিষ্ট বিষয় নির্বাচন কৰা অতি জৰুৰী। কোন বিষয়ৰ চাহিদা বেছি, তাতোকৈ অধিক গুৰুত্ব দিব লাগিব কোন বিষয়ত কাম কৰিবলৈ আপুনি অধিক আগ্রহী অর্থাৎ আপোনাৰ প্রিয় বিষয় কি? নিজৰ প্ৰিয় কনটেন্ট তৈয়াৰ কৰিলে দক্ষতা প্রদর্শনত সুবিধা হ’ব।

ধৰক, আপুনি ৰন্ধা- বঢ়া কৰি বৰ ভাল পায় আৰু ডিজিটেল ক্রিয়েটৰ হিচাপে আপুনি ৰন্ধনৰ ভিডিঅ’ বা ভ্ল’গ তৈয়াৰ কৰিলে জনপ্রিয় হোৱাত সহজ হ’ব। নাগে লগতে কয় যে আজিৰ তাৰিখত সামাজিক মাধ্যমত অসংখ্য ডিজিটেল ক্রিয়েটৰ আছে। প্রতিযোগিতা সেয়েহে অতি ব্যাপক। সেয়েহে নতুন ক্রিয়েটৰ এজনে ভিডিঅ’ আৰু অডিঅ’ কোৱালিটিত সর্বাধিক গুৰুত্ব দিব লাগিব। ম’বাইল ফোনৰ কেমেৰা ব্যৱহাৰ কৰিলেও ভাল মানৰ ভিডিঅ’ তৈয়াৰ কৰিব পৰা ধৰণৰ হ’ব লাগিব। সম্ভব হ’লে গিম্বল ব্যৱহাৰ কৰিব পাৰিব। গিম্বলত ভিডিঅ’গ্ৰাফী উন্নত মানৰ হয়। কৃত্রিম বুদ্ধিমত্তা অর্থাৎ এ আই ব্যৱহাৰ কৰিবলৈ শিকিলে সামাজিক মাধ্যমৰ প্ৰতিযোগিতাত বর্তি থকা সহজ হ’ব বুলিও নাগে কয়। এআই ব্যৱহাৰ কৰি ভিডিঅ’ৰ টেগ, টাইটেল সন্দৰ্ভত ধাৰণা স্পষ্ট আৰু গভীৰ কৰিব পাৰিব। কি ধৰণৰ থাম্বনেল সবাতোকৈ উপযোগী হ’ব, সেয়া বুজিব পাৰিব।

বহু ডিজিটেল ক্রিয়েটৰে এতিয়া অধিক বিজ্ঞাপন লাভৰ আশাত দীঘলীয়া ভিডিঅ’ তৈয়াৰ কৰে। কিন্তু নাগৰ মতে, অনাহকত ভিডিঅ’ দীঘল হ’লে দর্শকে সেই ভিডিঅ’ চাব নিবিচাৰে। সেয়েহে অপ্রয়োজনীয় হ’লে দীঘল ভিডিঅ’ তৈয়াৰ কৰিব নালাগে। যিমান দীঘল হোৱা উচিত, সিমান দীঘল ভিডিঅ’ তৈয়াৰ কৰক। যাতে দর্শকে বিৰক্তি অনুভৱ নকৰে। এইসমূহ দিশলৈ লক্ষ্য ৰাখি ভ্ল’গ তৈয়াৰ কৰিলে ছ’চিয়েল মিডিয়াত সফল ডিজিটেল ক্রিয়েটৰ হ’ব পাৰি বুলি জনপ্রিয় ভু’গাৰ গৌতম নাগে পৰামর্শ দিছে।

Exit mobile version