These are the three settings on your smartphone to keep it safe from thieves: চোৰৰ পৰা সুৰক্ষিত ৰাখিবলৈ স্মার্টফোনত কৰক এই তিনিটা ছেটিংছ

MOBILE 1

These are the three settings on your smartphone to keep it safe from thieves:

বৰ্তমানৰ সময়ত সকলোৱে স্মার্টফোন ব্যৱহাৰ কৰে। স্মার্টফোন চোৰে চুৰি কৰাৰ শংকা থাকে। ফোন এটা চুৰি হ’লে কিমান সমস্যা হয়, সেয়া ভুক্তভোগীয়েহে জানে। চুৰি হোৱা ফোন পুনৰ উদ্ধাৰ হ’লেও তাত থকা নানা তথ্যপাতি চোৰে অপব্যৱহাৰ কৰাৰ শংকা থাকে। আজিকালি ম’বাইল ফোনতে সকলোবোৰ প্ৰয়োজনীয় ডেটা যেনে বেংকৰ একাউণ্ট, ইউপিআই, আধাৰ কার্ড, পেন কার্ডসহ নানা তথ্য মজুত থাকে। ফোনটো চুৰি হ’লে সেয়েহে নানা শংকাত ভুগিব লগা হয়।

ম’বাইল ফোনৰ ছেটিংছত ফাইণ্ড মাই ডিভাইচ অনু কৰা থাকে। ইয়াৰ জৰিয়তে আপুনি চুৰি হোৱা ম’বাইল ফোন ট্রেক কৰিব পাৰিব। কিন্তু প্ৰায়ে চোৰে স্মার্টফোন চুৰি কৰাৰ পাছত ফোনটো ‘ছুইছ অফ’ কৰি দিয়ে আৰু ফলত সেই ফোন ট্রেক কৰিব পৰা নাযায়। সেয়েহে তলত দিয়া তিনিটা পদ্ধতি অবলম্বন কৰি আপুনি নিজৰ স্মার্টফোনটো চোৰৰ পৰা সুৰক্ষিত ৰাখিব পাৰিব।

চোৰে চুৰি কৰাৰ পাছত যাতে স্মার্টফোন ছুইচ অফ কৰিব নোৱাৰে, তাৰ বাবে আপুনি প্রথমে ছেটিংছত ছিকিউৰিটি এণ্ড প্রাইভেচিলৈ যাব লাগিব। এতিয়া আপুনি মাই ছিকিউৰিটি এণ্ড প্রাইভেচিলৈ যাওক। এইবাৰ আপুনি ‘ছিকিউঅ’ৰ পাছৱৰ্ড টু পাৱাৰ অফ’ অপচন অন কৰিব লাগিব। এই ছেটিং অন কৰাৰ পাছত চোৰে আপোনাৰ ফোনটো চুৰি কৰাৰ পাছত ছুইচ অফ কৰিব নোৱাৰিব। কিয়নো ফোনটো ছুইচ অফ কৰাৰ বাবে পাছৱৰ্ডৰ প্রয়োজন হ’ব।

স্মার্টফোন যাতে ট্রেক কৰিব নোৱাৰে তাৰ বাবে চোৰে প্ৰায়ে ফোনৰ এয়াৰপ্লেন ম’ড অন কৰি দিয়ে। এই সমস্যাৰ পৰা সকাহ পাবলৈ প্রথমে স্মার্টফোনৰ ছেটিংছলৈ যাওক। ইয়াৰ পাছত নটিফিকেচন এণ্ড স্টোছ বাৰৰ বিকল্প নির্বাচন কৰক। এইবাৰ আপুনি ম’ৰ ছেটিংছ বাটনত ক্লিক্ কৰক। ইয়াত আপুনি ছোৱাইপ ডাউন অন লক স্ক্রিণ টু নিউ নটিফিকেচেন ড্রাইভাৰ অফ কৰিব লাগিব। ইয়াৰ ফলত চোৰে ম’বাইলৰ এয়াৰপ্লেন ম’ড অন কৰিব নোৱাৰিব।

এই দুই কামৰ পাছত আপুনি ছেটিংছত ছিকিউবিটি এণ্ড প্রাইভেচিলৈ গৈ ফাইন্ড মাই ডিভাইচ অপচন অন কৰিব লাগিব। ইয়াৰ পাছত আপুনি উইথ নেটৱর্ক ইন অল এৰিয়া অন কৰিব লাগিব। এই তিনি ছেটিংছ অন কৰাৰ পাছত স্মার্টফোন চুৰি হ’লে আপুনি সহজে ইয়াক ট্রেক কৰিব পাৰিব।

Exit mobile version