Sarupathar:শৰাইত গোৱা-পান সজাই স্মাৰ্ট মিটাৰ লৈ আহিল ৰাইজ

kmss

Sarupathar:

এইবাৰ শৰাইত গোৱা-পাণ সজাই স্মাৰ্ট মিটাৰ লৈ আহিল সৰুপথাৰ বিদ্যুত উপ সংমণ্ডলৰ কাৰ্যালয়লৈ। গোলাঘাট জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তিৰ যুটীয়া উদ্যোগত সৰুপথাৰ বিদ্যুৎ উপ সংমণ্ডলৰ কাৰ্যালয়ত তীব্ৰ প্ৰতিবাদ। শৰাইত গোৱা-পাণ সজাই স্মাৰ্ট মিটাৰ লৈ আহিল সৰ্ব সাধাৰণ ৰাইজে।

বিগত ২৮ আগষ্টত সংগঠন কেইটাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি স্মাৰকপত্ৰ দিছিল। কিন্তু এটা মাহ পাৰ হোৱাৰ পিছতো চৰকাৰীভাৱে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে। সেয়েহে আজি কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি তথা শতাধিক ৰাইজ আহি স্মাৰ্ট মিটাৰ চমজাই দিয়ে আৰু পুৰণা মিটাৰ ঘূৰাই দিবলৈ আহ্বান জনাই। লগতে আজি পুনৰ স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত বিদ্যুৎ বিভাগৰ বিষয়াক এখনি স্মাৰক পত্ৰ প্ৰদান কৰে।

Exit mobile version