What is the most expensive product made by man?:মানুহে নিৰ্মাণ কৰা সবাতোকৈ ব্যয়বহুল সামগ্রী কি ?

issoo

What is the most expensive product made by man?:

বর্তমানলৈকে মানৱৰ দ্বাৰা তৈয়াৰ কৰা সৰ্বকালৰ ব্যয়বহুল নির্মাণ কি ? এই প্রশ্ন উত্থাপন হ’লে সাধাৰণতে আমাৰ মনলৈ আহে বুর্জ খলিফা বা কোনো প্রাসাদ বা তাজমহলৰ নাম। সৰহসংখ্যক লোকে এই প্ৰশ্নৰ উত্তৰ দিব নোৱাৰে।

কিন্তু আপুনি জানি আচৰিত হ’ব যে মানবে বর্তমানলৈকে নির্মাণ কৰা সবাতোকৈ ব্যয়বহুল উক্ত সামগ্ৰীৰ নির্মাণত ব্যয় কৰা হৈছিল ১০০ বিলিয়ন ডলাৰ অৰ্থাৎ প্রায় ১০ লাখ কোটি টকা। অৱশ্যে কে’বা বছৰ ধৰি তৈয়াৰ কৰা এই সবাতোকৈ ব্যয়বহুল সামগ্রী এই ধৰাত নাই।

আছে মহাকাশত’। হয়, ঠিকেই ধাৰণা কৰিছে। আমি ক’ব বিচাৰিছো আন্তর্জাতিক মহাকাশ কেন্দ্র (আইএছএছ)ৰ কথা। প্রকাশিত তথ্য অনুসৰি মহাকাশত’ এই আস্থান বর্তমানলৈকে আইএছএছে হৈছে নিৰ্মাণৰ বাবে ব্যয় কৰা হৈছিল ১০০ বিলিয়ন ডলাৰৰো অধিক। মানবে নিৰ্মাণ কৰা সামগ্ৰীৰ ক্ষেত্ৰত সবাতোকৈ ব্যয়বহুল।

১৯৮০ৰ সময়ছোৱাত আমেৰিকাৰ মহাকাশ গবেষণা প্রতিষ্ঠান নাছাই মডুলাৰ স্পেচ ষ্টেচন আৰম্ভ কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু সময়ৰ লগে লগে স্পষ্ট হৈছিল যে এখন দেশৰ বাবে এনে এক অভিলাষী পৰিকল্পনা অকলে ৰূপায়ণ কৰা সম্ভৱ নহ’ব। ইয়াৰ পাছত নাছাক সহযোগিতা আগবঢ়ায় কানাডা, জাপান আৰু ৰাছিয়াই।

১৯৯৮ ৰ২০নবেম্বৰত সফলতাৰে তৈয়াৰ কৰা হৈছিল আইএছএছ । মূলত চন্দ্র, মঙল আৰু অন্যান্য গ্ৰহৰ পৰ্যবেক্ষণ আৰু মহাকাশ গৱেষণাৰ লক্ষ্যৰে আইএছএছ তৈয়াৰ কৰা হৈছিল।

Exit mobile version