Fraudsters arrested In Dispur:চাকৰি দিয়াৰ প্ৰলোভনেৰে যুৱতীৰে অপকৰ্মত লিপ্ত প্ৰৱঞ্চক দিছপুৰ আৰক্ষীৰ জালত

ধৃত প্ৰৱঞ্চকটোৰ নাম ধনমণি দাস, স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী ধনমণি ঘোচ লোৱাৰ অপৰাধত নিলম্বিত হৈছিল ২০২২ত

fored star

Fraudsters arrested In Dispur:

মহানগৰীত দিনক দিনে বৃদ্ধি পাইছে চাকৰি দিয়াৰ নামত একাংশ প্ৰৱঞ্চকৰ টিঘিলঘিলনি ৷ দিছপুৰ আৰক্ষীৰ জালত পৰিল এটা কুখ্যাত প্ৰৱঞ্চক ৷  চাকৰি দিয়াৰ নামত বিভিন্নজনক কৰি আহিছিল প্ৰৱঞ্চনা ৷ আটকাধীন প্ৰৱঞ্চক জনৰ নাম ধনমণি দাস। দাসক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত পোহৰলৈ আহিছে ন ন ন তথ্য ৷

ধৃত ধনমনি দাস স্বাস্থ্য বিভাগৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আছিল ৷কিন্ত ২০২২ত উৎকোচ লওতেই হাতেলোটে আটক হৈ চাকৰিৰ পৰা নিলম্বিত হৈছিল ৷

উল্লেখ্য যে চাকৰিৰ পৰা নিলম্বন হ’ ল যদিও চৰিত্ৰ সলনি ন’হল ধনমণি দাস ৷ শেহতীয়াকৈ বহু যুৱক- যুৱতীক স্বাস্থ্য বিভাগত চাকৰি দিয়াৰ নামত প্ৰৱঞ্চনা কৰাৰ গুৰুতৰ অভিযোগ উদ্থাপিত হৈছে ৷ আনকি চাকৰি দিয়াৰ অচিলা লৈ বহু যুৱতীৰে অনৈতিক কৰ্মত লিপ্ত হোৱাৰো অভিযোগ উঠিছে ৷

স্বাস্থ্য বিভাগৰ নামত চাকৰি দিয়াৰ নামত বহু যুৱক-যুৱতীক প্ৰৱঞ্চনা কৰাৰ অভিযোগ এইজন ধনমণি দাসৰ বিৰুদ্ধে। বহু যুৱতীক চাকৰি দিম বুলি ধনমণি দাসে মাতিছিল হোটেললৈ। তাৰ পিছত প্ৰৱঞ্চনাৰে যুৱতীক যৌন শোষণ কৰাৰো গুৰুতৰ অভিযোগ আছে ধনমণিৰ বিৰুদ্ধে।

উল্লেখ্য যে,স্বাস্থ্য বিভাগৰ চাকৰিৰ পৰা নিলম্বন হোৱাৰ পিছত মহা প্ৰৱঞ্চক ধনমণি দাস মহানগৰীৰ এখন হোটেলত মেনেজাৰ হিচাপে কৰ্মৰত হৈ আছিল। চাকৰি দিয়াৰ নামত এই হোটেল খনলৈ মাতি নিছিল বহু দুখীয়া যুৱতীক৷ ইয়াতে লিপ্ত কৰাইছিল অনৈতিক কৰ্ম ৷

কিন্ত এমাহ পূৰ্বে ভুক্তভোগী যুৱতীয়ে দিছপুৰ থানাত এজাহাৰ দিয়াৰ পিছত পলাতক অৱস্থাত আছিল লম্পট ধনমণি দাস ৷ অৱশেষত দিছপুৰ আৰক্ষীৰ জালত পৰে ধুৰন্ধৰ- প্ৰৱঞ্চক ধনমণি দাস।

Exit mobile version