Jorabat Incident:যোৰাবাটত অঘটন ! অইল টেংকাৰ চালকৰ উপযুপৰি প্ৰহাৰত থিতাতে প্ৰাণ গ’ল কটন বিশ্ববিদ্যালয়ৰ অধীক্ষকৰ

cottan

Jorabat Incident:

মহালয়াৰ আনন্দ উছাহৰ মাজতে মহানগৰীৰ পাশ্বৱৰ্তী যোৰাবাটত আজি পুৱাতে সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ অইল টেংকাৰ চালকৰ আক্ৰমণত কৰুণ মৃত্যুক সাবটি লয় কটন বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা প্ৰশাসনিক অধীক্ষক ধ্ৰুৱজ্যোতি বর্মন ৷

বৰ্মনৰ দুৰ্ভগীয়া পৰিয়ালে অভিযোগ কৰা মতে বুধবাৰে পুৱাভাগত নিজৰ চাৰিচকীয়া বাহনখনৰে তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা পথত যোৰাবাটত তেওঁৰ বাহন খনত এখন অইল টেংকাৰে খুন্দিয়াই৷ পিছত দুৰ্ঘটনাক কেন্দ্ৰ কৰি বৰ্মন আৰু অইল টেংকাৰ চালক তৰ্কবিতৰ্কত লিপ্ত হয় । ইয়াৰ মাজতে হঠাতে টেংকাৰ চালকজনে এডাল লোহাৰ ৰ’ড লৈ বৰ্মনক উপযুপৰি প্ৰহাৰ কৰে ৷ ফলত থিতাতে প্ৰাণ যায় বৰ্মনৰ ৷ ঘটনা সংঘটিত কৰিয়ে টেংকাৰ চালকজন পলায়ন কৰে বুলি অভিযোগ কৰে বৰ্মনৰ পৰিয়ালে ৷ প্ৰয়াত ধ্ৰুৱজ্যোতি বর্মনৰ ঘৰ মহানগৰীৰ বেলতলাত ৷ দুবছৰ পূৰ্বে তেওঁ বিবাহপাশত আবদ্ধ হৈছিল ৷

ইতিমধ্যে এই ঘটনাক লৈ সমগ্ৰ গুৱাহাটীতে তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হয় ৷ আনহাতে যোৰাবাট আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ বাবে জি এমচিএইছলৈ প্ৰেৰণ কৰিছে৷ আৰক্ষীৰ তদন্তহে সমগ্ৰ ঘটনা পোহৰলৈ আহিব ৷

Exit mobile version