Abhimanyu’s Song Poster Released:জ্যোতি চিত্ৰবনত ‘অভিমন্যু’ৰ গান, পোষ্টাৰ আৰু মোশ্যন পিকচাৰ মুকলি

abhimunya

Abhimanyu’s Song Poster Released:

শ্বৱনম এণ্টাৰটেইনমেণ্টৰ বেনাৰত অচিন্ত শংকৰৰ পৰিচালনাৰে নিৰ্মীয়মান অসমীয়া চিনেমা ‘অভিমন্যু’ৰ গান, পোষ্টাৰ আৰু মোশ্যন পিকচাৰ আজি জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত সম্পন্ন হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মুকলি কৰা হয়। এই কাৰ্যসূচীত বন্তি প্ৰজ্বলনত অংশ লয় ডাঃ হিতেশ বৰুৱা, উৎপল মেনা, লীনা ৰহমান, ৰাজেশ ভূঞা আৰু অন্যান্যসকলে।

চিনেমাখনৰ ৫ খনকৈ পোষ্টাৰ আজি মুকলি কৰা হয়। পোষ্টাৰ মুকলি কৰে তৌফিক ৰহমান আৰু প্ৰাঞ্জল শইকীয়াই। মোশ্যন পিকচাৰ মুকলি কৰে উৎপল দাস আৰু সিদ্ধাৰ্থ গোৱেংকাই। প্ৰিয়ংকা ভৰালী, জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰে কণ্ঠদান কৰা আৰু ৰাজদ্বীপৰ কথা, সুৰ আৰু সংগীতৰ ‘মোৰে কানাই’ শীৰ্ষক গীতটি মুকলি কৰা হয়।

শান্তা উজীৰ আৰু জে পি দাসে মুকলি কৰা এই গীতটিত অভিনয় কৰিছে ৰাছিয়ান‌ নৃত্যশিল্পী লিজা য়াছমিনে। জুবিন গাৰ্গ আৰু দেৱজিৎ মজুমদাৰেও ভুমুকি মাৰিছে গীতটোত। দীপলিনা ডেকা, কমললোচন, উৰ্মিলা মহন্ত, দেৱজিৎ মজুমদাৰ, ৰাজীৱ গোস্বামী, ভগৱত প্ৰীতম, জ্বলী লস্কৰকে ধৰি বিভিন্ন শিল্পীয়ে অভিনয় কৰিছে ১৫ নৱেম্বৰত মুক্তি পাবলগীয়া এই চিনেমাখনত।

Exit mobile version