Chirang murder of witches : ডাইনী হত্যাকাণ্ড সংঘটিত কৰা ছয় অভিযুক্তৰ বিৰুদ্ধে চিৰাং সত্ৰ ন্যায়াধীশ আদালতৰ ঐতিহাসিক ৰায়দান

kajalgaon

Chirang murder of witches :

চিৰাং জিলাৰ ভাৰত-ভূটান শৰৎ নাৰ্জাৰী (৪৫) নামৰ এজন নীৰিহ ব্যক্তিক ডাইনী সন্দেহত নৃশংস ভাবে হত্যা কৰাৰ অপৰাধত অভিযুক্ত দুগৰাকী মহিলা সহ মুঠ ৬ গৰাকী অভিযুক্তক যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায়দান দিয়ে অতিৰিক্ত সত্ৰ ন্যায়াধীশ ৰূপক কুমাৰ ৰজকৰ আদালতে ।

কাৰাদণ্ডৰে দণ্ডিত কৰা অভিযুক্ত কেইগৰাকী ক্ৰমে সৌমলা বৰগয়াৰী, উকিল বসুমতাৰী, প্ৰসেনজিৎ বৰগয়াৰী, কাচিৰাম বৰগয়াৰী, ৰেবেকা ওৱাৰী ওৰফে ওৰ্গে ওৱাৰী আৰু গৌছৌম ওৱাৰী । ইয়াৰে বিচাৰ প্ৰক্ৰিয়া চলাকালীন আন এজন অভিযুক্ত হকে বৰগয়াৰীৰ মৃত্যু হৈছে ।

আদালতে ৰায়দানত প্ৰত্যেক গৰাকী আচামীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে দহ হেজাৰ টকাৰ জৰিমনা কৰে লগতে জৰিমনা অনাদায়ে অতিৰিক্ত তিনিমাহৰ কাৰাদণ্ড ঘোষনা কৰে ।

উল্লেখ যে যোৱা ২০১৮ চনত চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তৰ ৰুণীখাতা থানাৰ অন্তৰ্গত দাক্ষিনগাঁৱৰ শৰৎ নাৰ্জাৰী (৪৫) নামৰ এজন নীৰিহ লোকক উক্ত গাঁৱৰে ৭ গৰাকী অন্ধবিশ্বাসী লোকে ডাইনী অপযশ জাঁপি দি ঘৰৰ পৰা এক কিলোমিটাৰ আঁতৰত জঙ্ঘলত নৃশংস ভাবে মাৰধৰ কৰিছিল পিছত খবৰ লাভ কৰি আৰক্ষীৰ লোকে উদ্ধাৰ কৰি চিকিৎসালয়ত লৈ যোৱাৰ সময়তে মৃত্যুক সাবতি লৈছিল ।

Exit mobile version