Union Govt. has stopped approval of new schemes of Jal Jeevan Mission:দিল্লীয়ে বন্ধ কৰিলে জল জীৱন মিছনৰ নতুন আঁচনিৰ অনুমোদন

সংকটৰ গৰাহত ধ্বজাবাহী আঁচনি ,অসম চৰকাৰে ৮৯০টা প্রকল্প তথা আঁচনিৰ অনুমোদন বিচাৰি কৰা আবেদন পোনচাটেই নাকচ কেন্দ্ৰৰ, শশ ঠিকাদাৰৰ বিল অনাদায়

phe

Union Govt. has stopped approval of new schemes of Jal Jeevan Mission:

অসম চৰকাৰৰ হঠকাৰিতাত সংকটৰ গৰাহত পৰিছে কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি জল জীবন মিছন। এই আঁচনিৰ ৰূপায়ণ প্রক্রিয়াত দেশৰ আটাইতকৈ ব্যৰ্থ ৰাজ্যকেইখনৰ তালিকাত বহুদিন পূর্বেই অসমৰ নাম অন্তর্ভুক্ত হৈছে। তাৰ ওপৰঞ্চি কেন্দ্ৰৰ পুঁজি জমা থকা সত্ত্বেও ঠিকাদাৰক বিল আদায় দিয়াত ব্যর্থ হোৱাৰ পৰিণতিত পুনৰ আন এক গভীৰ জটিলতাৰ গ্ৰাসত পৰিছে অসম।

এনে বিশৃংখলাৰ পৰিণতিত অসমক নতুন আঁচনিৰ অনুমোদন নিদিবলৈ কেন্দ্রই সিদ্ধান্ত গ্রহণ কৰিছে। উল্লেখ্য যে আঁচনিখনৰ জৰিয়তে লক্ষ্য নির্ধাৰিত পৰিয়ালবোৰক সামৰি ল’বলৈ অসমত বর্তমান ৰূপায়ণ হৈ থকাতকৈ অধিক প্রকল্পৰ প্ৰয়োজন। তাৰে অংশৰূপে অসম চৰকাৰে শেহতীয়াকৈ ৮৯০ টা প্রকল্প তথা আঁচনিৰ অনুমোদন বিচাৰি কেন্দ্ৰৰ ওচৰত আবেদন দাখিল কৰিছিল; কিন্তু কেন্দ্রই তাক পোনছাটেই নাকচ কৰে।

কাৰণ অসমে নিয়ম অনুসৰি কাম কৰাত ব্যৰ্থ হৈছে। ৰূপায়ণ কৰা কামৰ বিৰুদ্ধে যথেষ্ট গুৰুতৰ অভিযোগো উত্থাপিত হৈ আহিছে। আকৌ কেন্দ্রই দিয়া পুঁজি জমা থকা সত্ত্বেও অসমে খৰচ কৰিব পৰা নাই। কেন্দ্ৰীয় চৰকাৰে লাভ কৰা তথ্য অনুসৰি জল জীবন মিছনৰ শ শ ঠিকাদাৰে দীর্ঘদিন বিলৰ ধন লাভ কৰিবলৈ সক্ষম হোৱা নাই।

দিল্লীয়ে সেয়েহে অসমক প্রশ্ন কৰিছে যে কেন্দ্রীয় চৰকাৰে মোকলাই দিয়া পুঁজি ৰাজ্যৰ ৰাজকোষত জমা থকাৰ পাছতো ঠিকাদাৰক কিয় বিলৰ ধন আদায় দিয়া হোৱা নাই? কেন্দ্ৰৰ জবাবদিহিত অসম চৰকাৰৰ পৰা উত্তৰ দিয়া হয় যে ৰাজ্যই নিজৰ অংশটো মোকলাই নিদিয়া বাবেই কেন্দ্রীয় চৰকাৰৰ পুঁজিৰ অংশটোও আবদ্ধ হৈ ৰৈছে। ৰাজ্য চৰকাৰৰ এই উত্তৰত গভীৰ অসন্তুষ্টি প্রকাশ কৰি কাৰ্যতঃ শাস্তিমূলক ব্যৱস্থা হিচাপেই কেন্দ্রই নতুন আঁচনিৰ অনুমোদন বন্ধ ৰখা বুলি শেহতীয়াকৈ স্পষ্ট কৰি দিয়ে।

তথ্য অনুসৰি, কেন্দ্ৰৰ পৰা ৯০:১০ অনুপাতত পুঁজি লাভ কৰা আঁচনিখনৰ প্ৰাপ্য ধন মোকলাই দিবলৈ ঠিকাদাৰে জনোৱা আবেদনৰ ফাইলে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংমণ্ডল কাৰ্যালয়বোৰত দ’ম বান্ধিছে। এই বিলবোৰ অনুসৰি ৰাজ্য চৰকাৰে আবেদনকাৰীক কমেও ১৭৫ কোটি টকা মোকলাই দিবলগীয়া আছে। প্রসংগক্রমে কেন্দ্রীয় চৰকাৰে আঁচনিখনৰ অধীনত এই পর্যন্ত যোগান ধৰা পুঁজিৰ পৰিমাণ হ’ল ১৭,৫৪,৬৮২ কোটি টকা। ইয়াৰে অসমে ব্যয় কৰা পুঁজিৰ পৰিমাণ হ’ল ১৭,৩১,৬৩৮ কোটি টকা। গতিকে জমা আছে প্রায় ২৩০ কোটি টকা। এয়া কেন্দ্ৰীয় চৰকাৰৰহে অংশ।

অসম চৰকাৰে নিজৰ অংশটো একমাত্র পুঁজিৰ অভাৱত মোকলাই দিবলৈ সক্ষম হোৱা নাই। ফলত কেন্দ্রীয় চৰকাৰৰ টকাও বেংকত পৰি ৰৈছে। ৰাজ্য চৰকাৰৰ এই ব্যৰ্থতাত কেন্দ্র সেয়েহে ক্ষুণ্ণ। তাৰেই শাক্তি স্বৰূপে নতুন আঁচনিত অনুমোদন বন্ধ ৰখা হৈছে।

অসমত জল জীৱন মিছনৰ জৰিয়তে সামৰি ল’বলগীয়া মুঠ পৰিয়ালৰ সংখ্যা হ’ল ৬৮,১০,৪৭০ টা। ইয়াৰ ভিতৰত পানী যোগান ধৰা নল সংযোগৰে আজিলৈকে সামৰি লোৱা পৰিয়ালৰ সংখ্যা হ’ল ৫৬,০০,৮২২ টা। ইপিনে, অসমত ৰূপায়ণ কৰা আৰু কৰি থকা আঁচনি সৰ্বমুঠ হৈছে ২৯,০২৮ খন। পূৰ্বৰ সিদ্ধান্ত অনুসৰি চলিত বৰ্ষৰ যোৱা ৩১ মাৰ্চৰ ভিতৰত আঁচনিখন সম্পূর্ণ কাৰ্যকৰী হ’ব লাগিছিল; কিন্তু সেই সীমা স্পৰ্শ কৰাত ব্যৰ্থ হোৱাৰ ফলতে সময়সীমা অহা ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰি দিয়া হয়।

ইমানৰ পাছতো অসম লক্ষ্য পূৰণত ব্যর্থ হোৱাৰ সম্ভাৱনাই অধিক। সেয়েহে এইবাৰ নতুন সময়সীমা নির্ধাৰণ কৰা হৈছে আগন্তুক ২০২৫ৰ ৩১ মার্চ। সেয়াও কিমান দূৰ সম্ভৱ হ’ব জল জীৱন মিছন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত চৰ্চাৰ বিষয় হৈছে।

অসমত জল জীৱন আঁচনিখনৰ মহিমাৰ অন্ত নাই। কেৱল নথিৰ তথ্যৰে সফলতাৰ জয়গান গাবলৈ নল সংযোগৰ সংখ্যা বৃদ্ধি কৰা হৈছে। তাৰ বিপৰীতে পানী লাভ কৰা পৰিয়ালৰ সংখ্যা যথেষ্ট কম। বহু গাঁৱত টেপসহ নলৰ সংযোগ দিয়া হৈছে যদিও পানী পৰিশোধন ব্যৱস্থাই সম্পূর্ণ হোৱা নাই। কোনোবা গাঁৱত পানী যোগান ধৰা হৈছিল যদিও কেইদিনমানৰ পাছতে বন্ধ হৈ পৰিছে। আকৌ ক’ৰবাত গাঁও এখনৰ কেইটামান পৰিয়ালেহে পানী পাবলৈ সক্ষম হৈছে। এনেবোৰ কাৰণত গাঁওসভাই জল জীৱনৰ আঁচনি সংশ্লিষ্ট গাঁৱত ৰূপায়ণ হোৱা বুলি সিদ্ধান্ত ল’ব পৰা নাই।

চর্ত উলংঘাৰে নিম্নমানৰ প্লাষ্টিকৰ নলী, টেপ আদিৰ ব্যৱহাৰেও আঁচনিখন সফলভাৱে ৰূপায়ণত বাধাৰ সৃষ্টি কৰিছে। এনেবোৰ কাৰণত অসমত আঁচনিখন ৫০ শতাংশও ৰূপায়ণ হোৱা নাই বুলি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পর্যালোচনাতে ওলাই পৰিছে।

Exit mobile version