Dibrugarh Murder:ডিব্ৰুগড়ৰ বাণীপুৰত লোমহৰ্ষক হত্যাকাণ্ড

জন্মদাত্ৰী মাতৃক পুত্ৰই ডিঙি চেপি হত্যা কৰাৰ অভিযোগ

murder

Dibrugarh Murder:

এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰী গ’ল ডিব্ৰুগড় ৷ নিজ বাসগৃহত জন্মদাত্ৰী মাতৃক পুত্ৰই ডিঙি চেপি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ হত্যাকাণ্ড সংঘটিত কৰা পাষাণ পুত্ৰৰ নাম শংকৰজ‍্যোতি গগৈ।

প্ৰাপ্ত ঘটনা অনুসৰি ,ডিব্ৰুগড়ৰ চহৰৰ বাণীপুৰৰ এঘাৰ নং বাইলেনৰ নিবাসী পূৰ্ণিমা গগৈ নামৰ মহিলা গৰাকীক শুক্ৰবাৰে নিশা বাসগৃহৰ ভিতৰতে মৃত অৱস্থাত উদ্ধাৰ কৰে চুবুৰীয়া ৷ স্থানীয় লোকে সন্দেহ কৰা মতে মহিলা গৰাকীৰ পুত্ৰ শংকৰজ‍্যোতি গগৈয়ে এই হত্যাকাণ্ড সংঘটিত কৰিছে ৷

ঘটনা সংঘটিতৰ পিছত নিশাই ঘটনাস্থলীত গাভৰুপথাৰ থানাৰ আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে পাষাণ পুত্ৰক গ্ৰেপ্তাৰ কৰে ৷ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে হাস্পতাললৈ প্ৰেৰণ কৰি আৰম্ভ কৰিছে তদন্ত

Exit mobile version