Dead Body of a young woman was found in a paddy field:ধাননিৰ মাজত উদ্ধাৰ যুৱতীৰ অৰ্ধগলিত মৃতদেহ

ছদিন ধৰি নিখোজ হৈ আছিল যুৱতী গৰাকী, মৃতদেহৰ কাষত উদ্ধাৰ যুৱতী গৰাকীৰ ঘাঁহৰ বস্তা আৰু চেণ্ডেল

deadbody

Dead Body of a young woman was found in a paddy field:

দুৰ্গা পুজাৰ আনন্দ উছাহৰ মাজতে শোণিতপুৰৰ ঠেলামৰাৰ কাঠনিবাৰীত সংঘটিত হৈছে জঘন্য ঘটনা ৷ ধাননিৰ মাজত উদ্ধাৰ এগৰাকী যুৱতীৰ অৰ্ধউলংগ অৰ্ধগলিত মৃতদেহ। মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ সমগ্ৰ ঠেলামৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷

ADVERTISEMENT

উল্লেখ্য যে কাঠনিবাৰী গাঁৱৰ ৩৫ বছৰীয়া যুৱতী এগৰাকী পথাৰত ঘাঁহ কাটিবলৈ গৈ ছদিন ধৰি নিখোজ হৈ আছিল ৷ কিন্ত বুধবাৰেে ৰহস্যজনকভাৱে পথাৰৰ মাজত অৰ্ধউলংগ অৱস্থাত উদ্ধাৰ হয় নিৰুদ্দেশ হৈ থকা যুৱতী গৰাকীৰ নিথৰ দেহ ৷

মনকৰিবলগীয়া যে মৃতদেহৰ কিছু নিলগত উদ্ধাৰ হয় যুৱতী গৰাকীয়ে ঘৰৰ পৰা নিয়া ঘাঁহৰ বস্তা আৰু পিন্ধি থকা চেণ্ডেলযোৰ ৷ যুৱতী গৰাকী নিখোজ হোৱাৰ পিছৰে পৰা পৰিয়ালৰ লোকে সেই স্থানত সন্ধান চলাইছিল যদিও কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল যদিও আজি ৰহস্যজনক ভাৱে সেই স্থানতে উদ্ধাৰ হয় দুৰ্ভগীয়া যুৱতী গৰাকী নিথৰ দেহ

আনহাতে মৃতদেহ উদ্ধাৰ হোৱা স্থানৰ কাষতে আছে এটা ইটাভাটা ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে মৃতদেহ জিন্মাত লৈ মৰনোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

স্থানীয়লোকে সন্দেহ কৰা মতে,ইটাভাটাৰ কোনো শ্ৰমিকে দুৰ্ভগীয়া যুৱতী গৰাকীক যৌন নিৰ্যাতন চলাই পিছত হত্যা কৰি পেলাই থৈ গৈছে ৷

Exit mobile version