Senior journalist Mukul Patar passes away:কাকীৰ জ্যেষ্ঠ সাংবাদিক- লেখক মুকুল পাটৰৰ দেহাৱসান

KAKI

Senior journalist Mukul Patar passes away:

হোজাই জিলাখনৰ কাকীৰ প্ৰাক্তন সাংবাদিক,তথা লেখক কবি, সু-অভিনেতা, নাট্যকাৰ,সুদক্ষ পৰিচালক তথা বৃহত্তৰ কাকীৰ প্ৰতিটো অনুষ্ঠানৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত মুকুল পাটৰৰ আজি পুৱা ৫ বজাত নগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ৫৭ বছৰ বয়সত মৃত্যু হয়। দীৰ্ঘদিন ধৰি মধুমেহকে ৰোগত ভূগি অকাল মৃত্যুক সাৱটি লোৱা প্ৰয়াত পাটৰৰ মৃত্যুত কাকীবাসীয়ে হেৰুৱালে এটি প্ৰতিভা।

তেখেতৰ মৃত্যুত কাকী সাংবাদিক সন্থা,কাকী শাখা সাহিত্য সভা,কাকী ক্ৰীড়া সন্থা, শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ,কাকী সদৰ শাখা,কাকী কিশলয় সংঘ,কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ‌ উদযাপন সমিতি,১নং কাকী ৰাস সমিতি,কাকী আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি কাকীৰ বিভিন্ন দল-সংগঠনে গভীৰ শোক প্ৰকাশ কৰে।

পাটৰৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতেই অগণন লোকে প্ৰয়াত পাটৰৰ ১ নং কাকী গান্ধী পুখুৰীৰ নিজ বাসভৱনত গৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উল্লেখ্য যে, মৃত্যুৰ সময়ত প্ৰয়াত পাটৰে মাতৃসহ একমাত্ৰ পুত্ৰ আৰু আত্মীয়ই কুতুম্বক ইহ সংসাৰত এৰি থৈ যায়।

Exit mobile version