Assam Tribune Director Surjit Govind Baruah passes away:আছাম ট্রিবিউনৰ সঞ্চালক সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান

নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰুৱাই

assam tribne

Assam Tribune Director Surjit Govind Baruah passes away

আছাম ট্ৰিবিউন‘ গোষ্ঠীৰ সঞ্চালক তথা অন্যতম স্বত্বাধিকাৰী সুৰজিৎ গোবিন্দ বৰুৱাৰ দেহাৱসান ৷ মহানগৰীৰ নেমকেয়াৰ হাস্পতালত শাৰীৰিক অসুস্থাৰ বাবে চিকিৎসাধীন হৈ থকা অৱস্থাতে মঙলবাৰে দিনৰ ১১ বাজি ১৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে সিংহ পুৰুষ ৰাধা গোবিন্দ বৰুৱাৰ নাতি সুৰজিৎ গোবিন্দ বৰুৱাই ৷

ADVERTISEMENT

বৰুৱাৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰে সংবাদ মহলত। ইতিমধ্যে বিভিন্ন দল- সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে সুৰজিৎ গোবিন্দ বৰুৱাৰ বিয়োগত।

সুৰজিৎ গোবিন্দ বৰুৱাৰ পৰলোকপ্ৰাপ্তিত গভীৰ শোক প্ৰকাশ কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে, “সুৰজিৎ গোবিন্দ বৰুৱাই অসমৰ সংবাদ জগতলৈ আগবঢ়াই থৈ যোৱা অনৱদ্য অৱদান স্মৰণীয় হৈ থাকিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ তথা ট্ৰিবিউন গোষ্ঠীৰ সদস্যসকললৈ গভীৰ সমবেদনা জনায় ৷

Exit mobile version