SC on the PMLA Act must get bail for the sick and disabled:যিমান কঠোৰ নহওক, ৰুগীয়া- অক্ষমজনে জামিন পাবই লাগিব পিএমএলএ আইনক লৈ উচ্চতম ন্যায়ালয়

scourt

SC on the PMLA Act must get bail for the sick and disabled:

অবৈধভাবে ধন সংগ্ৰহ কৰি বৈধ কামত ব্যবহাৰ বা বিদেশলে প্রেৰণ প্ৰতিৰোধ (পিএমএলএ) আইনৰ ধাৰাত গ্রেপ্তাৰ হোৱা এজন লোকে জামিন লাভ কৰাটো সহজ নহয়।
অর্থাৎ এই আইনৰ ধাৰা অত্যন্ত কঠোৰ। ইয়াৰ বিপৰীতে উচ্চতম ন্যায়ালয়ে মন্তব্য কবে যে পিএমএলএ আইনৰ ধাৰা যিমানেই কঠোৰ নহওক কিয়, গ্রেপ্তাৰ হোৱা ব্যক্তিজন যদি ৰুগীয়া অথবা শাৰীৰিক দুৰ্বলতা থকা হয়, তেনে এজন ব্যক্তিয়ে জামিন পাবই লাগিব।

লক্ষ্যণীয় যে অলপতে বিয়োগ ঘটা দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক জিএন সাইবাবাৰ বিৰুদ্ধে উত্থাপিত সমস্ত অভিযোগ ভিত্তিহীন প্রমাণিত হয়। তেওঁৰ মৃত্যুৰ লগে লগে এই কথা পুনৰ চৰ্চিত হোৱাত দেশজুৰি তুমুল প্রতিক্ৰিয়াৰ সৃষ্টি হে আছে। এনে অৱস্থাতে আজি দেশৰ মুখ্য ন্যায়াধীশ ডি বাই চন্দ্রচূড়ৰ নেতৃত্বত গঠিত এখন পীঠে পিএমএলএ আইনৰ অধীনত গ্রেপ্তাৰ হোৱা এজন প্রাক্তন বেংক বিষয়াৰ অন্তৱতী জামিন মঞ্জুৰ কৰে।

২০২৩ত ইডিৰ দ্বাৰা গ্রেপ্তাৰ হোৱা ছেবা বিকাশ সমবায় বেংকৰ পূর্বব অধ্যক্ষ অমব সাধুৰাম মূলচান্দানী (৬৭)ক আজি জামিন দি দেশৰ মুখ্য ন্যায়াধীশ চন্দ্রচূড়ে কয়, ‘পিএমএলএ যিমানেই কঠোৰ নহওক কিয়, বিচাৰপতিৰূপে আমি আইনৰ চাৰিওটা দিশ চাবলগীয়া হয়।

আইনে আমাক কৈছে যে ৰুগীয় আৰু শাৰীৰিকভাৱে দুর্বলজনক জামিন দিব লাগে। ৰুগীয়া আৰু শাৰীৰিক দুর্বলতা মানেই এজন ব্যক্তি জামিনৰ যোগ্য।’ পিএমএলএৰ ৪৫ (১) ধাৰাতো ৰুগীয়া আৰু অক্ষম লোকক জামিনৰ ব্যবস্থা আছে বুলিও বিচাৰপীঠে আঙুলিয়াই দিয়ে।

Exit mobile version