Branch officer arrested for taking bribe at Janata Bhawan:পুনৰ উৎকোচ লৈ গ্ৰেপ্তাৰ চৰকাৰী বিষয়া

জনতা ভবনত ঘোচ লৈ দুৰ্নীতি নিৰ্বাৰকৰ জালত আবকাৰী বিষয়া

janata bhawan

Branch officer arrested for taking bribe at Janata Bhawan:

ঘোচ লৈ ইজনৰ পাছত সিজনকৈ চৰকাৰী বিষয়া- কৰ্মচাৰী দুৰ্নীতি নিৰ্বাৰকৰ জালত পৰাৰ পিছতো শিকনি হোৱা নাই ঘোচখোৰৰ ৷

মহানগৰীৰ ৰাজধানীৰ বৰঘৰ জনতা ভৱনতে এতিয়া ঘোচখোৰৰ দুৰ্নীতিৰ বজাৰ। বুধবাৰে উৎকোচ লওঁতেই হাতেলোটে গ্ৰেপ্তাৰ হয় পাৰ্থ হাজৰিকা নামৰ আবকাৰী বিভাগৰ শাখা বিষয়াজন

বাৰৰ অনুজ্ঞা পত্ৰ দিয়াৰ বাবদ এজন লোকৰ পৰা বিচাৰিছিল একলাখ টকা ৷ইতিমধ্যে চল্লিছ হেজাৰ টকা আগধন লোৱাৰ পাছত আজি ২৫ হেজাৰ টকা লওঁতেই দুৰ্নীতি নিবাৰকে আটক কৰে শাখা বিষয়াজনক ৷

জনতা ভৱনৰ ডি’ ব্লকৰ পৰা দুৰ্নীতি নিৰ্বাৰকে গ্ৰেপ্তাৰ কৰা ঘোচখোৰ পাৰ্থ হাজৰিকাক অধিক জেৰাৰ বাবে ইতিমধ্যে দুৰ্নীতি নিৰ্বাৰকৰ হেড কোৱাটাৰলৈ নিয়া হৈছে ৷

উল্লেখ্য যে,পাৰ্থ হাজৰিকা অসম সচিবালয় সেৱা সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ৷ তেওঁ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উদ্থাপিত হৈ আহিছিল ৷

Exit mobile version