Consensual sexual intercourse is not rape even if the marriage vow is broken:HCবিবাহৰ প্রতিশ্রুতি ভংগ কৰিলেও সন্মতি সাপেক্ষ দৈহিক সম্পর্ক ধর্ষণ নহয়: উচ্চ ন্যায়ালয়

alahabad

Consensual sexual intercourse is not rape even if the marriage vow is broken : HC

বিয়াৰ প্রতিশ্রুতি ভংগ কৰিলেও এজন পুৰুষৰ বিৰুদ্ধে তেওঁৰ স’তে সম্মতিপূর্বক দৈহিক সম্পর্ক গঢ়ি তোলা এগৰাকী নাৰীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিলেও তাক ধৰ্ষণ আখ্যা দিব নোৱাৰি বুলি এক মন্তব্য কৰে এলাহাবাদ উচ্চ ন্যায়ালয়ে

এক গোচৰৰ শুনানি গ্ৰহণৰ সময়ত ন্যায়ালয়ে মন্তব্য কৰে যে বিয়াৰ প্রতিশ্রুতি দি এজন পুৰুষে এগৰাকী নাৰীৰ স’তে দীর্ঘ সময়ৰ দৈহিক সম্পর্ক গঢ়ি তুলি পাছত সেই প্রতিশ্রুতি ৰক্ষা নকৰিলেও পুৰুষজনৰ বিৰুদ্ধে ধৰ্ষণৰ অভিযোগ গ্রাহ্য কৰা উচিত নহয়। এই ক্ষেত্রত ঠগ-প্রবঞ্চনাৰ বীজ থাকিলেহে তাক ধর্ষণ বুলি গণ্য কৰা উচিত বুলি ন্যায়ালয়ে লগতে উল্লেখ কৰে।

ভাৰতীয় দণ্ড বিধিৰ ৩৭৫ৰ ধাৰাৰ ব্যাখ্যা কৰি ন্যায়ালয়ে আঙুলিয়াই দিয়ে যে এগৰাকী নাৰীৰ ইচ্ছাৰ বিপৰীতে বা সন্মতিবিহীন দৈহিক সম্পর্কহে ধর্ষণ আখ্যা দিব পাৰি |

Exit mobile version