Lahore-Islamabad is a civil war-like atmosphere:লাহোৰ-ইছলামাবাদত গৃহযুদ্ধ সদৃশ পৰিৱেশ

তিনি-চাৰি টুকুৰাত পৰিণত হ'ব পাৰে পাকিস্তান !, প্ৰধানমন্ত্ৰীৰ পদত্যাগ-কাৰাবন্দী ইমৰান খানক মুক্তিৰ দাবী

pak 2

Lahore-Islamabad is a civil war-like atmosphere:

গৃহযুদ্ধ সদৃশ অৰাজকতাৰ কবলত পৰিছে চুবুৰীয়া দেশ পাকিস্তান। আনকি দেশখন তিনিটা টুকুৰাত পৰিণত হোৱাৰো সম্ভাৱনা প্রকট হৈছে। বিগত কিছুমাহ ধৰি দেশখন জটিল আর্থিক সংকটৰ মাজত আছে। এনে অৱস্থাতে বিৰোধী দল তথা প্রাক্তন প্রধানমন্ত্রী ইমৰান খান নেতৃত্বাধীন পাকিস্তান তেহৰিক- ই-ইনছাফ (পিটিআই)এ প্রৱল বিক্ষোভ গঢ়ি তুলিছে। এই বিক্ষোভে সমগ্র দেশখনত জোঁকাৰণি তুলিছে।

বিক্ষোভকাৰীসকলৰ মূল দাবী হৈছে সম্প্রতি কাৰাবন্দী হৈ থকা দলৰ মুৰব্বী খানৰ মুক্তি আৰু প্রধানমন্ত্রী শাহবাজ শ্বৰিফৰ পদত্যাগ লক্ষ্যণীয় যে এনে এক বিক্ষোভৰ ফলতে চলিত বৰ্ষৰ আগষ্টত বাংলাদেশৰ শেইখ হাছিনা চৰকাৰক ক্ষমতাৰ পৰা উৎখাত হয়।

সম্প্রতি পাকিস্তানতো এনে গৰিস্থিতিৰ সৃষ্টিৰ সম্ভাৱনা ব্যক্ত কৰিছে একাংশ আন্তর্জাতিক সম্পর্ক বিশেষজ্ঞই। অৱশ্যে যোৱা মাহ (ছেপ্টেম্বৰ) ৰ পৰা দেশখনত ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি হয়। প্রাক্তন প্রধানমন্ত্রী নেতৃত্বাধীন পিটিআয়ে সম্পূর্ণ সংঘবদ্ধভাবে বিক্ষোভ গঢ়ি তোলা বুলি চর্চিত হৈছে। বিক্ষোভকাৰীসকলে ঘাইকৈ ৰাজধনী ইছলামাবাদ তাৰু লাহোৰ কঁপাই, তুলিছে। ঠায়ে ঠায়ে পৰিস্থিতি একপ্ৰকাৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে।

আনহাতে, বিক্ষোভকাৰীসকলক নিয়ন্ত্ৰণৰ উদ্দেশ্যে চৰকাৰে আৰক্ষী-অর্ধসামৰিক বাহিনীৰ উপৰি কেতবোৰ স্থানত সেনাবাহিনীও নিয়োগ কৰিছে। অৱশ্যে বিক্ষোভকাৰীসকলৰ অভিযোগ হ’ল তেওঁলোকৰ প্রতিবাদক চৰকাৰে লৌহ হাতেৰে দমন কৰাৰ অপচেষ্টা চলাইছে। চৰকাৰী নির্দেশতে সেনাবাহিনীয়ে বিক্ষোভকাৰীৰ ওপৰত গুলিবর্ষণো কৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনকি প্রাক্তন প্রধানমন্ত্রী খানৰ একাংশ উগ্ৰ সমৰ্থকক পথৰ পৰাই চৰকাৰী মদতপুষ্ট বাহিনীয়ে অপহৰণে কৰিছে। এনে দুষ্কাৰ্যৰ স’তে কুখ্যাত পাকিস্তানী গুপ্তচৰ সংস্থা আইএছআই জড়িত থকা বুলি চর্চিত হৈছে। ইপিনে, বিক্ষোভকাৰীসকলে মূল চৰকাৰী কেন্দ্ৰসমূহৰ ওচৰত প্রতিবাদ অব্যাহত ৰাখিছে। সেনাবাহিনীৰ ৰাৱলপিণ্ডিস্থিত মুখ্য কৰ্যালয়ৰ ওচৰতো বিক্ষোভ দেখিবলৈ পোৱা গৈছে। এই বিক্ষোভকাৰীসকলক অর্ধসামৰিক বাহিনীয়ে আসুৰিক নির্যাতনে’ চলায়। আৰক্ষী অর্ধ সামৰিক বাহিনী তথা সেনাই চলেৱা উৎপীড়নত বহু বিক্ষোভকাৰী আহত হৈছে।

অৱশ্যে প্রতিবাদ দমনৰ এনে চেষ্টৰ মাজতো বিক্ষোভকাৰীসকল নিজ স্থিতিত অব্যাহত থাকি বিক্ষোভ কার্যসূচী চলাই আছে। ফলত দেশখন প্রবল অস্থিৰতাৰ গ্রাসত পৰিছে। গতিকে একাংশ আন্তর্জাতিক সম্পর্ক বিশেষজ্ঞই মন্তব্য কৰিছে যে পাকিস্তান টুকুৰা-টুকুৰ হোৱাৰ দিশে অগ্ৰসৰ হৈছে।

Exit mobile version