Today Lakhipuja:ঐশ্বৰ্য বিভূতিৰ কামনাৰে আজি ৰাজ্যত লক্ষ্মী দেৱীৰ আৰাধনা

lakhi puja

Today Lakhipuja:

আজি লক্ষ্মী পূজা। ধন, ঐশ্বর্য, বিভূতিৰ অধিষ্ঠাত্রী দেৱী মহালক্ষ্মীৰ আৰাধনাৰে আজি সন্ধিয়া মুখৰিত হ’ব সমগ্ৰ ৰাজ্য। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ৰাজধানী গুৱাহাটী মহানগৰীতো চলিছে অধিষ্ঠাত্রী দেৱীক আৰাধনাৰ ব্যাপক আয়োজন।

ADVERTISEMENT

আজি দিনটোত বেলতলাৰ লক্ষ্মী মন্দিৰৰ লগতে মঠ-মন্দিৰ, দেৱালয়সমূহৰ উপৰি বহু ৰাজহুৱা স্থানত লক্ষ্মী পূজাৰ আয়োজন কৰা হৈছে। সমান্তৰালভাৱে দেৱীক আদৰিবলৈ ঘৰে ঘৰে চলিছে ব্যাপক প্রস্তুতি

লক্ষ্মী পূজাৰ প্ৰাকক্ষণত কালিৰে পৰা মহানগৰীৰ বজাৰসমূহ পূজাত ব্যৱহৃত সামগ্ৰীৰে ভৰি পৰিছে আৰু পূজাৰ সামগ্ৰী বিচাৰি বজাৰত ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে।

উল্লেখ্য যে আহিনৰ পূৰ্ণিমা তিথিত মা লক্ষ্মীক হিন্দু ধর্মাৱলম্বী লোকসকলে আৰাধনা কৰে আৰু বছৰটো যাতে ধনে-ধানে উপচি পৰে তাৰ আশিস লয়। কালপুৰুষ পঞ্জিকাৰ গণনা অনুসৰি, বুধবাৰে নিশা সাত বাজি ৪১ মিনিট ১৫ ছেকেণ্ডৰ পৰা পূর্ণিমা তিথি আৰম্ভ হ’ব আৰু বৃহস্পতিবাৰে সন্ধিয়া পাঁচ বাজি ১৬ মিনিট ১৫ ছেকেণ্ডত শেষ হ’ব।

Exit mobile version