Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: কৰ্মতৎপৰতা বজাই ৰাখিব। শৰীৰ মধ্যম। প্ৰেমত বিৰোধ। তুলসী গছত পানী দিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৯।

বৃষ: কর্মত উদ্বেগ থাকিব। তথাপি যোগাযোগ ৰক্ষা কৰিব পাৰিব। উচ্চ শিক্ষাত ভাল দেখা দিব। ৰাতিপুৱা আৰু সন্ধিয়া শুক্রস্তোত্র পাঠ কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৭।

মিথুন: আজি কোনো বুদ্ধিদীপ্ত চুক্তি সম্পাদন কৰিব পাৰিব। ব্যৱসায় বা বাণিজ্যৰ দ্বাৰা আয় বৃদ্ধিৰ যোগ। দুর্বল গৰুক দানা খুবাব। শুভ ৰং নীলা। শুভ সংখ্যা ৪।

কর্কট: কর্মস্থান বা বিষয়ত কিছু চিন্তা থাকিব। পাৰিবাৰিক শুভ। স্বাস্থ্য মধ্যম। তামৰ পাত্ৰত পানী খাব। শুভ ৰং সেউজীয়া। শুদ সংখ্যা ২।

সিংহঃ সৰু-সুৰা বেমাৰ-আজাৰত ভুগিব পাৰে। ব্যৱসায়-বাণিজ্যত উন্নতিৰ যোগ। প্ৰেমত সন্মান হানিৰ যোগ। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮। এখন ৰঙা বস্ত্ৰ মহিলাক দান কৰক।

কন্যা: এই ৰাশিৰ জাতক-জাতিকাই আজি লঘোণত থাকি দেৱী দুর্গামাক পুষ্পাঞ্জলি প্রদান কৰিব। শুভ ৰং বগা, সংখ্যা ২।

তুলা: গৃহ কন্দলৰ কাৰণে কৰ্মক্ষেত্ৰত বাধা, আর্থিক সমস্যাই দেখা দিব পাৰে। দিনটো পৰিশ্ৰম অনুযায়ী ফল নাপাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১। নৱবস্ত্ৰ ধাৰণ কৰি দুৰ্গামাৰ দৰ্শন কৰিব।

বৃশ্চিক: আজি ক’ৰবাত যাত্ৰাৰ পৰিকল্পনা বাতিল কৰাই ভাল। যানবাহনৰ পৰা সাৱধানে থাকিব। সন্তানৰ প্ৰতি নজৰ ৰাখক। শুভ ৰং সোণালী, শুভ সংখ্যা ৮। দুখীয়াক একবস্ত্ৰ দান কৰি দুর্গামাৰ ওচৰত সেৱা ল’ব।

ধনু: হতাশাৰে দিনটো পাৰ হ’ব, শাৰীৰিক দিশত বিশেষভাৱে ভালেই দেখা যায়। ভ্রমণত অশুভ। শুভ ৰং বগা, শুভ সংখ্যা ১।

মকৰ: নতুন কামত হাত দিব পাৰে। কৰ্মক্ষেত্ৰত সহকৰ্মীৰ পৰা প্ৰতাৰিত হ’ব পাৰে। ব্যৱসায়-বাণিজ্যত উন্নতিৰ যোগ। শুভ ৰং ৰঙা, শুভ সংখ্যা ২।

কুম্ভ: পৰিয়ালৰ কোনোবাৰ অসুখ বিসুখত অর্থ ব্যয়। প্রেমত ভাল। বিদ্যার্থীসকলে আশা কৰা মতে ফল নাপাব। শুভ ৰং নীলা, শুভ সংখ্যা ১।

মীন: এইৰাশিৰ জাতক-জাতিকাই আজি নিৰামিষ খাব, আজি যাত্রা নকৰিব। কৰ্মত সাৱধানে থাকিব পাৰে। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।

Exit mobile version