India-Canada Diplomatic Raw:ভাৰত-কানাডাৰ কূটনৈতিক সংকট

ক্ষতিগ্রস্ত হ'ব নেকি ছয় লক্ষ ভাৰতীয় ছাত্র-ছাত্রী ?, দুই ৰাষ্ট্ৰৰ মতানৈক্যৰ মাজত ধুমকেতুৰ ৰূপত অৱতীৰ্ণ মাৰ্কিন যুক্তৰাষ্ট্ৰ

canda india

India-Canada Diplomatic Raw:

শেহতীয়াভাৱে ভাৰত আৰু কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ চূড়ান্ত অৱনতি ঘটিছে। ইয়াৰ এক পৰিণামস্বৰূপে কানাডাত অধ্যয়নৰত ছয় লক্ষ ভাৰতীয় ছাত্র-ছাত্রী ক্ষতিগ্রস্ত হ’ব নেকি বুলি আশংকাৰ সৃষ্টি হৈছে। এই ছয় লক্ষ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাৰ বিভিন্ন শিক্ষানুষ্ঠানত উচ্চ শিক্ষা গ্রহণ কৰি আছে। লক্ষ্যণীয় যে প্রব্রজন, শৰণাৰ্থী আৰু নাগৰিকত্ব কানাডা (আইআৰচিচি) ৰ মতে, ২০১৫ৰ পৰা ২০২৪ৰ সময়ছোৱাত প্রায় ১৩ লাখ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাত অধ্যয়নৰ অনুমতি লাভ কৰে।

২০১৫ ত ৩১,৯২০ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাত অধ্যয়নৰ অনুমতি পাইছিল। পৰৱৰ্তী সময়ত দেশখনত অধ্যয়ন কৰিব বিচৰা ভাৰতীয় ছাত্র- ছাত্ৰীৰ সংখ্যা বৃহৎ হাৰত বৃদ্ধি পায়। আনকি ২০২৩ত কানাডালৈ উৰা মাৰিব বিচৰা ভাৰতীয় ছাত্র-ছাত্রীৰ ২,৭৮,২৫০ জনে দেশখনত অধ্যয়নৰ অনুমতি লাভ কৰে।

উক্ত বছৰ দেশখনত থকা মুঠ আন্তর্জাতিক ছাত্র-ছাত্রীৰ সংখ্যা ৬,৮২,০৬০ গৰাকী আছিল। এই সংখ্যা বৃদ্ধি পাই থাকে। কেরল ২০২৪ৰ বিগত মাহ কেইটাতে কানাডালৈ অধ্যয়নৰ উদ্দেশে এক লাখৰো অধিক ছাত্র-ছাত্রীয়ে উৰা মাৰে। প্ৰাপ্ত তথ্য অনুসৰি, চলিত বৰ্ষৰ আগষ্টলৈকে ১,৩৭,৪৪৫ ভাৰতীয় ছাত্র-ছাত্রীয়ে কানাডাত অধ্যয়নৰ সুযোগ লাভ কৰে।

অৱশ্যে আন্তর্জাতিক ছাত্র-ছাত্রীক নিৰুৎসাহ কৰাৰ উদ্দেশে কানাডা চৰকাৰে শেহতীয়াভাৱে কেতবোৰ প্ৰতিকূল নীতি-নিয়ম বলবৎ কৰিছে। তৎসত্ত্বেও ভাৰতৰে ধৰি বিশ্বৰ বিভিন্ন দেশৰ লাখ লাখ ছাত্র-ছাত্রী কানাডা গমন অব্যাহত আছে।

# খালিস্তানী নেতা নিৰ্জ্জৰ হত্যা তদন্তত কানাডাক সহযোগ কৰিবলৈ ভাৰতক আহ্বান মার্কিন প্রশাসনৰ

খালিস্তানী সন্ত্রাসবাদী নেতা তথা কানাডাৰ নাগৰিক হৰদীপ সিং নিজৰৰ হত্যাৰ পাছত সংঘটিত ঘটনাই ভাৰত- কানাডাৰ সম্পৰ্কৰ শোচনীয় অবনতি ঘটাইছে। কানাডাই সন্ত্রাসবাদী নেতাজনৰ হত্যাৰ স’তে একাংশ ভাৰতীয় কূটনীতিক বিষয়াক সাঙোৰাৰ ফলত দুয়োখন দেশৰ সম্পৰ্কৰ চৰম অৱনতিৰ ঘটে।

ইতিমধ্যে দুয়োখন দেশে কূটনৈতিক সম্পৰ্ক ছিন্ন কৰাৰ একপ্ৰকাৰ সিদ্ধান্ত লৈছে। এনে অৱস্থাতে নিজৰ হত্যাৰ তদন্তত কানাডাক সহযোগ কৰিবলৈ ভাৰতৰ প্ৰতি আহ্বান জনাইছে মার্কিন প্রশাসনে। উল্লেখ্য যে যোৱা বছৰৰ জুনত ভেংকৌভেৰত অজ্ঞাত লোকে নিজৰক হত্যা কৰে। সন্ত্রাসবাদী নেতাজনৰ হত্যাৰ পাছৰ পৰা ভাৰতৰ বিৰুদ্ধে খৰ্গহস্ত হৈ আহিছে কানাডা।

আনকি শেহতীয়াভাৱে দেশখনে নিজৰ হত্যাত কানাডাস্থিত ভাৰতীয় কূটনৈতিক বিষয়াবর্গ জড়িত বুলি প্রত্যক্ষভাৱে অভিযোগ উত্থাপন কৰে। সম্প্রতি মার্কিন প্রশাসনে নিজৰ হত্যাৰ তদন্তত ভাৰতক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে।

ৱাশ্বিংটনত এখন সংবাদমেলত মার্কিন বৈদেশিক দপ্তৰৰ মুখপাত্র মেথিউ মিলাৰে কয় যে কানাডাই যি অভিযোগ উত্থাপন কৰিছে, তাক গুৰুত্ব সহকাৰে লোৱা উচিত। ‘কানাডাই উত্থাপন কৰা অভিযোগ অত্যন্ত গুৰুতৰ। কানাডাক ভাৰতে সহযোগ কৰাটো আমি চাবলৈ বিচাৰো। অৱশ্যে ভাৰতে সেই পথ বাছি লোৱা নাই।’

Exit mobile version