Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

    Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি

    Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

# প্রাঞ্জলসেন ডেকা

publisher by publisher
September 25, 2023
in Assam, India, News
Reading Time: 6 mins read
0
Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?
3
SHARES
31
VIEWS
ShareShareShareShare

RelatedPosts

PM Modi:যিবোৰ বিষয় চর্চালৈ নাহিল

Loksabha Election 2024:কিহৰ আগজাননী ?

Consequences of Deteriorating India-Canada Relations:ভাৰত-কানাডা সম্পৰ্কৰ অৱনতিৰ পৰিণতি কি?

# প্রাঞ্জলসেন ডেকা

নতুন দিল্লীত সম্পন্ন হৈ যোৱা জি-২০ শীর্ষ সন্মিলনৰ বহুচৰ্চিত সাফল্যৰ ৰেশ মাৰ নৌযাওঁতেই কানাডাৰ স’তে ভাৰতৰ সম্পৰ্কৰ অৱনতিয়ে ব্যাপক চর্চা লাভ কৰিছে।

ADVERTISEMENT

এই দ্বিপাক্ষিক সম্পৰ্কৰ সংকটে বিশেষকৈ আমেৰিকা প্ৰমুখ্যে অন্যান্য দেশকো সাঙুৰি লোৱাৰ লগে লগে ই অধিক জটিলতাৰ গৰাহত সোমাই পৰিছে।

ইয়াৰ বিপৰীতে পৰিস্থিতিৰ সুযোগ ল’বলৈ চীনকে ধৰি আন একাংশ দেশ যে তৎপৰ হৈছে তাত সন্দেহ নাই। গতিকে এই ঘটনাৰ পৰিণতিত ভাৰত ক্ষতিগ্ৰস্ত হ’বলগীয়া হ’ব পাৰে বুলি আশংকা হোৱাটো স্বাভাবিক।

তদুপৰি আন্ত:র্জাতিক প্রেক্ষাপটত এগৰাকী প্রভাৱশালী ৰাষ্ট্ৰনেতাৰূপে নিজৰ ভাৱমূৰ্তি গঢ়ি তোলাৰ প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ নিৰলস প্রচেষ্টাও বাধাগ্ৰস্ত হোৱাৰ ইংগিত পৰিলক্ষিত হৈছে।

যোৱা ১৮ জুনত কানাডাৰ ছাৰেত খালিস্তানপন্থী নেতা হৰদীপ সিং নিষ্ফাৰক মুখা পৰিহিত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। কানাডাৰ কে’বাখনো চহৰৰ লগতে লণ্ডন, মেলবর্ণ, ছেন ফ্রান্সিছকো আদিত খালিস্তানী সমর্থকসকলে নিজ্জবৰ হত্যাৰ প্ৰতিবাদ জনায়।

ভাৰতে পলাতক সন্ত্রাসবাদী আখ্যা দিয়া নিজ্জৰে পৰৱৰ্তী সময়ত কানাডাৰ নাগৰিকত্ব লাভ কৰে। এই হত্যাক লৈয়ে যোৱা সোমবাৰে কানাডাৰ সংসদত প্রধানমন্ত্রী জাষ্টিন ট্রুডুৱে দিয়া ভাষণে আন্তর্জাতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰে।

তেওঁ কয় যে কানাডাৰ তদন্তকাৰী সংস্থাসমুহে নিৰ্ভৰযোগ্য তথ্য উদ্ধাৰ কৰিছে যে এই হত্যাকাণ্ডত ভাৰত চৰকাৰ জড়িত থকাৰ সম্ভাৱনা আছে। সদ্যসমাপ্ত জি-২০ সন্মিলনৰ সময়ছোৱাত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিষয়টো উত্থাপন কৰা হৈছিল বুলিও টুডুৱে কয়।

“কানাডাৰ ভূমিত কানাডাৰ নাগৰিকক হত্যাৰ আৰত বিদেশী চৰকাৰৰ হাত থকাটো কোনোপধ্যে গ্রহণযোগ্য নহয় আৰু ই আমাৰ সাৰ্বভৌমত্বৰ উলংঘন।’

প্রধানমন্ত্রী টুডুৱে এনে কঠোৰ ভাষা দাঙি ধৰাৰ ২৪ ঘণ্টাৰ ভিতৰতে কানাডা চৰকাৰে সেই দেশত কৰ্মৰত এজন জ্যেষ্ঠ ভাৰতীয় কূটনীতিক বহিষ্কাৰ কৰে। তাৰ লগে লগে দুই দেশৰ মাজত উমি উমি জ্বলি থকা জুইকুৰা ভমককৈ জ্বলি উঠে।

কানাডাৰ প্ৰধানমন্ত্ৰীৰ ভাষাক একাযাৰতে নাকচ কৰি ভাৰতেও কানাডাৰ কুটনীতিকক দেশ ত্যাগৰ নির্দেশ দিয়ে। লগতে কানাডাৰ নাগৰিকৰ বাবে ভাৰতীয় ভিছা বাতিলৰ পদক্ষেপ গ্রহণ কৰে।

সম্প্ৰতি দ্বিপাক্ষিক সম্পর্কই ইতিহাসৰ সর্বনিম্ন স্তৰত উপনীত হৈছে, যাৰ পৰা পৰিস্থিতি পুনৰ স্বাভাৱিক কৰাটো সহজ নহ’ব। ভাৰতৰ বৈদেশিক পৰিক্রমা মন্ত্রণালয়ে উল্লিখিত হত্যাকাণ্ডৰ সন্দৰ্ভত কানাডা চৰকাৰৰ তৰফৰ পৰা নিৰ্দিষ্ট তথ্য-প্রমাণ দাবী কৰাৰ লগতে এই সম্পর্কত কোনো তথ্যৰ আদান-প্রদান কৰা হোৱা নাই বুলি প্ৰথমৰে পৰাই কৈ আহিছে।

অভিযোগৰ সন্দৰ্ভত নিৰ্দিষ্ট তথ্য-প্রমাণ প্ৰদান কৰিলে ভাৰত চৰকাৰ যথোচিত পদক্ষেপ গ্ৰহণৰ বাবে প্রস্তুত আছে বুলি দোহাৰিছে। লক্ষ্যণীয়ভাৱে কানাডাৰ স্বয়ং প্রধানমন্ত্ৰীয়ে একাধিকবাৰ এই অভিযোগ উত্থাপন কৰাৰ বিপৰীতে ভাৰতৰ প্রধানমন্ত্রী অথবা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীয়ে সম্পূর্ণ নীৰৱতা অৱলম্বন কৰিছে।

কেৱল মুখপাত্ৰ এজনেহে দিল্লীৰ স্থিতি সংবাদ মাধ্যমৰ সন্মুখত দাঙি ধৰিছে। শেহতীয়াভাৱে প্রধানমন্ত্রী টুডুৱে ভাৰত চৰকাৰৰ ভাষাৰ প্ৰত্যুত্তৰ দি দাবী কৰিছে যে নিৰৰ হত্যাকাণ্ডত ভাৰত চৰকাৰৰ হাত থকাৰ সম্পৰ্কত উদ্ধাৰ হোৱা তথ্যৰ সন্দৰ্ভত কে’বা সপ্তাহ পূর্বেই দিল্লীক অৱগত কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকত অংশগ্ৰহণৰ উদ্দেশ্যে নিউয়র্কত উপস্থিত হোৱাৰ সময়তো তেওঁ একেই অভিযোগ উত্থাপন কৰি কয় যে আইন অনুসৰণকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় আইনক সন্মান কৰা যিকোনো দেশৰ বাবেই এনে ঘটনা মৌলিক আৰু অতিশয় গুৰুত্বপূর্ণ বিষয়।

কানাডাত স্বতন্ত্র ন্যায় ব্যবস্থাৰ এক শক্তিশালী প্ৰক্ৰিয়া আছে বুলি উল্লেখ কৰি তেওঁ ঘটনাৰ প্রকৃত তথ্য উদ্‌ঘাটনৰ বাবে সহযোগ কৰিবলৈ ভাৰত চৰকাৰক অনুৰোধ জনায়। ভাৰত-কানাডাৰ সম্পৰ্কৰ এনে সংকটৰ সময়ত আমেৰিকাৰ ভূমিকা কি হ’ব তাক লৈও যথেষ্ট উৎসুকতাৰ সৃষ্টি হৈছে।

কানাডা আৰু আমেৰিকা প্ৰতিবেশী ৰাষ্ট্ৰ হোৱাৰ উপৰি দুই দেশৰ মাজত আছে সৰ্বাধিক দৈৰ্ঘ্যৰ সীমা। পূৰ্বৰ পৰাই দুই দেশৰ মাজৰ সম্পৰ্ক অতি মধুৰ আৰু মজবুত। ইয়াৰ বিপৰীতে বিগত কিছু বছৰত ভাৰত-আমেৰিকাৰ মাজতো ঘনিষ্ঠতা বৃদ্ধি পাইছে।

বিভিন্ন জৰুৰী প্রয়োজনত পৰস্পৰে দ্বিপাক্ষিক সম্পর্ক উন্নত কৰাত যথেষ্ট গুৰুত্ব প্রদান কৰিছে। এনে পৰিপ্ৰেক্ষিতত কোনো এখন দেশৰ পক্ষ লোৱাটো যথেষ্ট জটিল হ’ব বুলি বিভিন্ন মহলে ক’ব খোজে যদি পূৰ্বৰ ইতিহাসলৈ চাই আমেৰিকা যে কানাডাৰ প্ৰতিয়েই অধিক সদয় হ’ব সেয়া বুজিবলৈ অসুবিধা নহয়।

প্রধানমন্ত্ৰী টুডুৰ অভিযোগৰ পাছৰে পৰা আমেৰিকাৰ বৈদেশিক পৰিক্ৰমা মন্ত্রী এন্টনী ৰিংলেন, ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা জেক ছুলিভান প্ৰমুখ্যে শীর্ষ পদবীধাৰীসকলে কৈ আহিছে যে কানাডাৰ অভিযোগক আমেৰিকাই অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰিছে।

এই ঘটনাক কানাডা চৰকাৰে উপযুক্তভাৱে অনুসন্ধান কৰিব লাগে আৰু ভাবতে তাত সহযোগ কৰিব লাগে। সমগ্ৰ ঘটনাত জড়িত দোষীক চিনাক্ত কৰি তাৰ দায়িত্ব নিৰ্ধাৰণ কৰিব লাগে। সেইবাবে দুই দেশৰ স’তে আমেৰিকাই ধাৰাবাহিকভাৱে যোগাযোগ অব্যাহত ৰাখিছে বুলিও মার্কিন চৰকাৰে কৈ আহিছে।

ব্ৰিংকেন আৰু ছুলিভানে যথেষ্ট কঠোৰ সুৰত কৈছে যে যিকোনো দেশে নিজৰ সীমাৰ বাহিৰত সংঘটিত কৰা দমনৰ এনে ঘটনাক লৈ আমেৰিকা অতি সচেতন। এনে ধৰণৰ কার্যত যাতে কোনো দেশ লিপ্ত হ’ব নোৱাৰে তাৰ বাবে সতর্ক দৃষ্টি ৰখা হয়। যি দেশেই নহওক কিয় এনে কাৰ্যত লিপ্ত হ’লে কোনেও ৰেহাই নাপাব বুলিও নেতাদ্বয়ে সকীয়াই দিয়ে।

এই ঘটনাক লৈ সহযোগী দেশ কানাডাই আগবঢ়োৱা অনুসন্ধান আৰু কূটনৈতিক প্ৰক্ৰিয়াৰ স’তে আমেৰিকাই ঘনিষ্ঠভাৱে কাম কৰিব বুলি স্পষ্ট কৰি দিয়া হয়। আমেৰিকাৰ এনে স্থিতিয়ে ভাৰতৰ স’তে সম্পৰ্ক প্ৰভাৱিত নকৰিবনে বুলি আঙুলিয়াই দিয়াত ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা ছুলিভানে মন্তব্য কৰে যে আমেৰিকা নিজৰ সিদ্ধান্তত অটল থাকিব লাগিলে যি দেশেই প্রভাবিত নহওক কিয়।

আনকি মার্কিন ৰাষ্ট্ৰপতি জ’ বাইডেনো এই সমগ্ৰ ঘটনাক লৈ যথেষ্ট উদ্বিগ্ন বুলি চৰকাৰী মুখপাত্রই সদৰী কৰিছে। গতিকে শীর্ষ পদবীধাৰীসকলৰ কঠোৰ ভাষা আৰু স্থিতিলৈ লক্ষ্য ৰাখি এই কথাকে ক’ব পাৰি যে নিজৰ হত্যাকাণ্ডৰ ঘটনাত ভাৰতক বিশেষ ৰেহাই দিবলৈ আমেৰিকা ইচ্ছুক নহয়।

অৱশ্যে ইয়াৰ বিনিময়ত ভাৰতৰ স’তে নিজৰ সম্পর্ক বিনষ্ট কৰাৰ পৰ্যায়লৈ আগবাঢ়িব বুলিও এই মুহুৰ্তত ভাবিব নোৱাৰি। বিশেষকৈ চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে যুঁজ দিবলৈ আমেৰিকাক যে ভাৰতৰ দৰে শক্তিৰ প্ৰয়োজন তাৰ ব্যাখ্যা নিষ্প্রয়োজন।

কানাডাৰ অভিযোগে যে আমেৰিকাক দোমোজাত পেলাইছে তাত সন্দেহ নাই। সেইবাবে কানাডাক মুকলিকৈ সমর্থন প্রদর্শন কৰিলেও ভিতৰুৱাকৈ দ্বিপাক্ষিক উত্তেজনা প্রশমিত কৰিবলৈ পৰামৰ্শ আগবঢ়াব বুলি কুটনৈতিক পর্যবেক্ষক মহলে ধাৰণা কৰে।

এই ক্ষেত্ৰত ভাৰতৰ সমস্যা বৃদ্ধি কৰিব পাৰে ‘ফাইভ আইজ’ গোটৰ সংযোগে। ‘ফাইভ আইজ’ হৈছে মার্কিন যুক্তৰাষ্ট্ৰ ব্রিটেইন, অষ্ট্ৰেলিয়া, কানাডা আৰু নিউজিলেণ্ডক লৈ গঠিত এটি গোট, যিয়ে বিভিন্ন গোপন তথ্য সংগ্ৰহ আৰু তাৰ আদান-প্ৰদান কৰে।

এই ‘ফাইভ আইজ’ গোটৰ দ্বাৰা সংগৃহীত তথ্য লাভৰ পাছতহে কানাডাৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বুলি শেহতীয়াভাবে প্রকাশ পাইছে। ফলত এয়া কেৱল কানাডাই নহয়, বৰঞ্চ উল্লেখিত পাঁচোখন দেশৰেই অভিযোগৰ লেখীয়া হৈ পৰিছে।

আনকি এই অভিযোগ উত্থাপনৰ পূৰ্বে টুডুরে মার্কিন ৰাষ্ট্ৰপতি বাইডেনক আস্থাত লৈছিল বুলিও স্পষ্ট কৰি দিছে। কেৱল আমেৰিকাই নহয়, ব্রিটেইন আৰু অষ্ট্ৰেলিয়ায়ো কানাডাৰ অভিযোগক অতি গুৰুতৰ আখ্যা দিয়াৰ লগতে ভাৰতৰ আগত এই সম্পৰ্কত উদ্বেগ প্রকাশ কৰিছে।

উল্লেখ্য যে বিশ্বযুদ্ধৰ সময়ছোৱাত ১৯৪৬তে প্রথমে আমেৰিকা আৰু ব্ৰিটেইনৰ মাজত গোপন তথ্য সংগ্ৰহ আৰু আদান-প্ৰদানৰ উদ্দেশ্যে গঠিত এই গোটত ১৯৪৮৩ কানাডা আৰু ১৯৫৬৩ অষ্ট্ৰেলিয়া তথা নিউজিলেও চামিল হয়।

তেতিয়াৰে পৰা যিকোনো ধৰণৰ সংঘাতপূর্ণ পৰিবেশ অথবা সাধাৰণ অৱস্থাতো উল্লেখিত পাঁচ দেশৰ এই গোটে গোপন তথ্য সংগ্ৰহ কৰি আহিছে আৰু নিয়মীয়াকৈ নিজৰ মাজতে আদান-প্রদানো কৰি আহিছে।

এই ‘ফাইভ আইজ’ৰ দ্বাৰা সংগৃহীত তথ্যক সততে পৃথিৱীৰ সবাতোকৈ সফল আৰু শুদ্ধ চোৰাংচোৱা তথ্য আখ্যা দিয়া হয়।

ভাৰত-কানাডাৰ দ্বিপাক্ষিক সম্পৰ্কৰ এনে তিক্ততাই পশ্চিমীয়া দেশবোৰৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে; কিয়নো ইয়াৰ ফলত চীন বিৰোধী ঐক্য বাধাগ্ৰস্ত হ’ব পাৰে।

আমেৰিকাৰ নেতৃত্বত যি আঞ্চলিক সুৰক্ষাৰ চৰ্চা চলি আহিছে, তাত ভাৰতৰ দুৰ্বল স্থিতিয়ে যে চীনক লাভবান কৰিব তাক লৈ সন্দেহ নাই । যদিহে নিৰ্জ্জব হত্যাত ভাৰত জড়িত থকাৰ কোনোনির্দিষ্ট তথ্য-প্রমাণ কানাডা চৰকাৰে দাঙি ধৰিবলৈ সক্ষম হয়, তেন্তে পৰিস্থিতি অধিক জটিল হৈ পৰাটো নিশ্চিত।

তদুপৰি অন্যান্য পশ্চিমীয়া দেশসমূহ গভীৰ দোমোজাত পৰিব; কিয়নো এয়া আইনৰ শাসনৰ নীতিলৈ সমৰ্থন অথবা কুটনৈতিক বাধ্যবাধকতাৰ মাজৰ কোনো এটাক নিৰ্বাচন কৰাৰ দৰে হ’ব যিটো সিদ্ধান্ত গ্রহণ তেনেই সহজ নহ’ব।

তেনে পৰিপ্ৰেক্ষিতত চীনৰ আগ্ৰাসন ৰোধৰ উদ্দেশ্যে যি ঐক্য গঢ়ি তোলা হৈছে, সেয়া দুর্বল হ’ব। বিগত ৮০ৰ দশকৰ পৰাই শিখসকলৰ বাবে পৃথক ৰাষ্ট্ৰৰ দাবীয়ে শক্তিশালী ৰূপ ল’বলৈ আৰম্ভ কৰে।

১৯৮৪ত অমৃতসৰৰ স্বৰ্ণ মন্দিৰত আশ্ৰয় গ্রহণকাৰী সশস্ত্র শিখ বিচ্ছিন্নতাবাদীসকলক উৎখাত কৰিবলৈ তদানীন্তন প্রধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে সেনা অভিযানৰ নিৰ্দেশ দিয়ে।

এই ‘অপাৰেচন ব্ৰষ্টাৰত ৮৩ জন ভাৰতীয় সেনা জোৱানে প্ৰাণ হেৰুওৱাৰ উপৰি ২৮৪ জন আহত হয়। লগতে ৪৯২ জন শিখকে ধৰি অন্যান্য লোকৰ মৃত্যু হয়। এই ঘটনাৰ প্ৰতিক্ৰিয়া স্বৰূপে সেই বছৰতে নিজৰ দেহৰক্ষীয়ে গুলীয়াই হত্যা কৰে প্রধানমন্ত্রী গান্ধীক ।

তাৰ পাছৰে পৰা শিখ বিচ্ছিন্নতাবাদীসকলৰ বিৰুদ্ধে ভাৰত চৰকাৰে অতি কঠোৰ মনোভাৱ গ্রহণ কৰে। পৰৱৰ্তী বছৰত ১৯৮৫ত কানাডাস্থিত কিছু সংখ্যক খালিস্তানী গোটে এয়াৰ ইণ্ডিয়াৰ বিমানত বিস্ফোৰণ ঘটাই ৩২১ জন লোকক হত্যা কৰে।

তাৰ পাছৰ পৰা কানাডাত খালিস্তানপন্থী একাংশই ভাৰতবিৰোধী বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে। কানাডাত এই খালিস্তানপন্থীসকলৰ সক্ৰিয়তাৰ বাবেই ভাৰতৰ স’তে দ্বিপাক্ষিক সম্পৰ্কৰ উত্থান-পতন ঘটি আহিছে।

অৱশ্যে ইয়াৰ পূৰ্বে ই সংসদত উল্লেখ কৰিবলগীয়া পৰ্যায়ত উপনীত হোৱা নাই। ২০১৫ত জাষ্টিন টুডুৱে ‘প্রকৃত পৰিবৰ্তন’ৰ দৰে বিভিন্ন প্রগতিশীল প্ৰতিশ্ৰুতিৰে নিৰ্বাচনত জয়ী হৈ মাত্র ৪৪ বছৰ বয়সত কানাডাৰ প্ৰধানমন্ত্রী পদত অধিষ্ঠিত হয়।

দায়িত্বভাৰ গ্ৰহণ কৰি এক প্ৰসংগত তেওঁ ৰগৰ কৰি কৈছিল যে ভাৰতৰ মোদী চৰকাৰতকৈ তেওঁৰ মন্ত্ৰীসভাত শিখ সদস্যৰ সংখ্যা অধিক। সেইবাৰ টুডুৱে চাৰিজন শিখক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিছিল।

গতিকে কানাডাত ৰাজনৈতিকভাৱে শিখসকলৰ গুৰুত্ব এই কথাই স্পষ্ট কৰি তোলে। অৱশ্যে যেতিয়াই শিখসকলৰ মাজত টুডুৰ জনপ্ৰিয়তাক লৈ চৰ্চা হয় তেতিয়াই খালিস্তানপন্থীসকলৰ প্ৰতি তেওঁৰ নৰম স্থিতিৰ বিষয়ে আঙুলিওৱা হয়।

ভাৰত চৰকাৰে কৈ আহিছে যে ভোট বেংকৰ ৰাজনীতিৰ বাবেই কানাডা চৰকাৰ বিচ্ছিন্নতাবাদী খালিস্তানপন্থীসকলৰ প্ৰতি নৰম। ২০১৯ত নিৰ্ধাৰিত সময়তকৈ পূর্বেই অনুষ্ঠিত হোৱা নিৰ্বাচনত টুডুৰ লিবাৰেল পার্টিতে ২০খন আসন কমকৈ লাভ কৰে।

ইয়াৰ বিপৰীতে শিখ সম্প্ৰদায়ৰ ৰাজনৈতিক দল নিউ ডেমক্রেটিক পার্টিয়ে ২৪খন আসন দখল কৰে। এই দলে টুডুক চৰকাৰ গঠনত সমর্থন দিয়ে।

গতিকে শিখসকলক সন্তুষ্ট কৰিবলৈ প্ৰধানমন্ত্রী টুডু সততে সজাগ বুলি কোৱা হৈ আহিছে। সম্প্রতি কানাডাত শিখ জনসংখ্যা ২.১ শতাংশ আৰু বিগত ২০ বছৰত ই দুগুণ বৃদ্ধি পাইছে। ভাৰতৰ পাছত কানাডাতে সর্বাধিক সংখ্যক শিখে বাস কৰে ।

লক্ষ্যণীয় যে ইয়াৰ পূৰ্বে পাকিস্তানৰ বাদে পৃথিৱীৰ আন কোনো দেশেই ভাৰতৰ বিৰুদ্ধে বহিঃৰাষ্ট্ৰত হত্যাৰ দৰে ঘটনাত জড়িত হোৱাৰ অভিযোগ উত্থাপন কৰা নাই।

সাধাৰণতে আমেৰিকা আৰু ইজৰাইলৰ বিৰুদ্ধে এনে ধৰণৰ গুৰুতৰ অভিযোগ প্রকাশ পাই আহিছে। নিঃসন্দেহে এনে ঘটনা সংশ্লিষ্ট দেশৰ সাৰ্বভৌমত্ব তথা আইনৰ উলংঘাকাৰী।

গতিকে এনে কোনো ঘটনাত জড়িত নহয় বুলি আন্তর্জাতিক মহলক পতিয়ন নিয়াৰ পৰাটোতে ভাৰতৰ কুটনৈতিক বিচক্ষণতা প্রমাণিত হ’ব।
ফোন:৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ArticlesConsequences of DeterioratingIndia- Canada ConflictWriter Pranjal SenDeka
publisher

publisher

Related Posts

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই
Assam

Jio টাৱাৰ আছে, নেটৱৰ্ক নাই

September 22, 2026
হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী
Assam

হাতত জোতা-চেণ্ডেল লৈ একাঠু পানীত খোজকাঢ়ি উপস্থিত হয় বিদ্যালয়ত ৫৫২ ছাত্ৰ-ছাত্ৰী

September 22, 2026
Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ
Assam

Gahpur:শংকৰ জন্মোৎসৱৰ শোভাযাত্রাত অংশগ্রহণ দুখন গাঁৱৰ মুছলমান সমাজৰ

September 22, 2026
Nagaon:নগাঁও জিলা আয়ুক্ত পদৰ পৰা অব্যাহতি লোৱাৰ পূৰ্বে একাংশ মণ্ডলক তিনিবাৰকৈ বদলিৰ তথ্য ফাদিল: ব্যাপক প্রতিক্ৰিয়াৰ সৃষ্টি
News

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

September 22, 2026
GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d