Thermocoal boat crashed in Bihar Purnia:বিহাৰৰ পূৰ্ণিয়াত থার্মোকলৰে নিৰ্মিত নাও দুর্ঘটনাগ্রস্ত

দাস নদীত সংঘটিত হয় এই দুর্ঘটনা

bihar boat

Thermocoal boat crashed in Bihar Purnia:

বিহাৰত থার্মোকলৰে নিৰ্মিত নাও দুর্ঘটনাগ্রস্ত। ৰাজ্য খনৰ পূর্ণিয়াৰ দাস নদীত বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় এই দুর্ঘটনা।

অন্ত্যেষ্টিক্রিয়াত অংশগ্ৰহণ কৰিবৰ বাবে থার্মোকলৰে নিৰ্মিত এখন নাৱত উঠি শিশু সহ ১৫ গৰাকী লোক দাস নদী পাৰ হ’বলৈ লওতেই সংঘটিত হয় ভয়াৱহ দুর্ঘটনাটো।

উল্লেখ্য যে,নাও খনত ওজন বেছি হোৱাৰ বাবে নৈৰ বুকুত ডুব যায় ৷ অৱশ্যে সৌভাগ্যক্রমে নাও খনত থকা আটাইকেইজন লোকেই সাঁতুৰি পাৰলৈ আহিবলৈ সক্ষম হয় । ইতিমধ্যে থার্মোকলৰে নিৰ্মিত নাও দুর্ঘটনাগ্রস্ত হোৱা দৃশ্য ছ’চিয়েল মেডিয়াত ব্যাপক ভাইৰেল হৈছে ।

Exit mobile version