Gold prices hit all-time high again:পুনৰ সৰ্বকালৰ সৰ্বাধিক হ’ল সোণৰ মূল্য

চলিত বর্ষতে হ'ব পাৰে ৮০ হেজাৰ টকা

gold rs high

Gold prices hit all-time high again:

সোণৰ মূল্য আজি পুনৰ সৰ্বকালৰ সর্বাধিক হ’ল। ইণ্ডিয়া বুলিয়ন এণ্ড জুয়েলাছ এছ’ছিয়েচন (আইবিজেএ)ৰ তথ্য অনুসৰি, আজি দেশৰ বজাৰত প্ৰতি ১০ গ্রাম ২৪ কেৰেটৰ সোণৰ মূল্য ১৬০ টকা বৃদ্ধিৰে ৭৬,৭১৩ টকা হ’ল । এদিন পূৰ্বে ২৪ কেৰেটৰ ১০ গ্রাম সোণৰ মূল্য আছিল ৭৬,৫৫৩ টকা।

ADVERTISEMENT

অৱশ্যে আজি ৰূপৰ মূল্য ৯৪৪ টকা হ্ৰাসৰে প্ৰতি কিলোগ্রামত ৯০,৫৬৮ টকা হ’ল। দিল্লীৰ বজাৰত আজি প্রতি ১০ গ্রাম ২২ কেৰেটৰ সোণৰ মূল্য ৭১,৭৫০ টকা আৰু ২৪ কেৰেটৰ সোণৰ মূল্য আছিল ৭৮,২৬০ টকা।

বিশেষজ্ঞৰ মতে, চলিত বৰ্ষৰ অন্তিম ভাগত দেশৰ বজাৰত প্ৰতি ১০ গ্রাম সোণৰ মূল্য ৮০ হেজাৰ টকাৰ অধিক হোৱাৰ সম্ভাৱনা আছে ৷

Exit mobile version