State External Affairs Minister Pabitra Margherita attends the swearing-in ceremony of the newly elected President of Indonesia:ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণত ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা

দেশৰ হৈ প্ৰতিনিধিত্ব কৰিব ৰাজ্যিক বৈদেশিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

prabitra magherita

State External Affairs Minister Pabitra Margherita attends the swearing-in ceremony of the newly elected President of Indonesia:

সম্প্ৰতি তিনিদিনীয়া চৰকাৰী কাৰ্যসূচীৰে ত্ৰিপুৰা ভ্ৰমণত থকা বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই আজি নতুন দিল্লীত উপস্থিত হৈ মাজনিশা ইণ্ডোনেছিয়ালৈ ৰাওনা হ’ব ।

মন্ত্ৰীগৰাকীয়ে অহা ২০ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ইণ্ডোনেছিয়াৰ নৱ-নিৰ্বাচিত ৰাষ্ট্ৰপতি প্ৰব’ৱো চুবিয়ান্তোৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকি ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিব।

উল্লেখযোগ্য যে চলিত বৰ্ষত ভাৰত-ইণ্ডোনেছিয়াৰ কুটনৈতিক সম্পৰ্কই ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ লগতে ভাৰতৰ ‘এক্ট ইষ্ট ‘ পলিচীয়ে এটা দশক সম্পূৰ্ণ কৰিছে । ইণ্ডোনেছিয়া ‘এক্ট ইষ্ট ‘ পলিচীৰ অন্যতম গুৰুত্বপূৰ্ণ অংশীদাৰী দেশ ।

Exit mobile version