Hatigaon shocking incident:মহানগৰীত হাতীগাঁৱত নিশা লোমহৰ্ষক ঘটনা

প্ৰাক্তন প্ৰেমিকাক হত্যাৰ চেষ্টা যুৱকৰ, যুৱকৰ ছুৰিকাঘাতত আহত যুৱতীক নিশাই ভৰ্তি চজিএমচিএইছত, বিকাশ ডেকা নামৰ আক্ৰমণকাৰীজনক গ্ৰেপ্তাৰ

love

Hatigaon shocking incident:

নিশা হ’লেই যেন গুৱাহাটী পৰ্যবেশিত হয় অপৰাধ নগৰীলৈ ৷ অপৰাধীৰ টিঘিলঘিলনিৰ বিপৰীতে মহানগৰীৰ স্মাৰ্ট আৰক্ষী সক্ৰিয়তা তেনেই নিস্কিয়। শুকুৰবাৰে নিশা দহমান বজাত হাতীগাঁৱত সংঘটিত হয় এক লোমহৰ্ষক ঘটনা

হাতীগাঁৱৰ বিষ্ণুজ্যোতি পথৰ এখন দোকানলৈ সামগ্ৰী ক্ৰয় কৰাৰ উদ্দেশ্য এগৰাকী যুৱতী আহিছিল ৷ পিছত সামগ্ৰী ক্ৰয় কৰি নিজৰ ভাড়াঘৰলৈ বুলি খোজকাঢ়ি গৈ থকাৰ পথত তেজৰ হাতত থকা ম’বাইলটোলৈ আহে এটা ফোন । কিন্ত ফোনটোৰ নম্বৰ অচিনাকি হোৱাত যুৱতী গৰাকীয়ে ৰিছিভ নকৰি পুনৰ নিজ গৃহলৈ গৈ থাকে। এনে সময়তে হঠাতে এখন চাৰিচকীয়া বাহত দ্ৰুতগতিত আহি তেওঁৰ কাষত ৰৈ যায়। গাড়ীৰ পৰা নামি আহে এজন যুৱক । যুৱকজন তেওঁ চিনাকি ,প্ৰাক্তন প্ৰেমিকা বিকাশ ডেকা।

কোনো কথাৰ অৱতাৰণা নকৰাকৈ যুৱকজনে যুৱতী গৰাকীক উদ্দেশ্য কৰি নানান অবাইচ ভাষাৰে গালি- শপনি পাৰিব ধৰে। যুৱতীগৰাকীৰ প্ৰেম প্ৰত্যাখ্যানক ক্ষুন্ন হৈ বহু সময় গালি শপনি পাৰি হঠাতে গাড়ীৰ ভিতৰৰ পৰা এখন ছুৰী আনি অসহায় যুৱতী গৰাকীক আক্ৰমণ কৰে ৷ পেট আৰু ডিঙিত আঘাতপ্ৰাপ্ত যুৱতী গৰাকীয়ে চিৎকাৰ কৰি তেজেৰে তুমৰলি হৈ ৰাজপথত বাগৰি পৰে। আনহাতে যুৱতী গৰাকীক আক্ৰমণ কৰিএন্ধাৰৰ সূযোগ লৈ ঘটনাস্থলীৰ পৰা আঁতৰি যায়।

ইপিনে,যুৱতী গৰাকীৰ কেকনী শুনি দুজনমান স্থানীয় লোকে সেই স্থানত উপস্থিত হৈ যুৱতী গৰাকীৰ অৱস্থা দেখি ততাতৈয়াকৈ হাতীগাঁও থানা আৰু যুৱতী গৰাকীৰ পৰিয়ালৰ লোকক খবৰ দিয়ে । পিছত ঘটনাস্থলীত হাতীগাঁও আৰক্ষীৰ এটা দল উপস্থিত হৈ যুৱতী গৰাকীক তৎক্ষণাত ভৰ্তি কৰে জিএমচিএইছত

উল্লেখ্য যে যুৱতী গৰাকীৰ স্থায়ী গৃহ ঢেকীয়াজুলিত ৷ প্ৰাপ্ত খবৰ অনুসৰি যুৱতী গৰাকীৰে আক্ৰমণকাৰী বিকাশ ডেকাৰ প্ৰেমৰ সম্পৰ্ক আছিল ৷ কিন্ত কিছুদিন পূৰ্বে তেওঁলোকৰ সমন্ধত ফাঁট মেলে । যুৱতী গৰাকীয়ে বিকাশ লগত থকা সমন্ধৰ ইতি পেলাই ৷ ইয়াতে খড়গ্ৰস্ত হৈ বিকাশে যুৱতী গৰাকীক বহুবাৰ ভাবুকি দি আহিছিল ফোনত ৷ পেছাত এজন গাড়ী চালক বিকাশৰ ঘৰ বাইহাটা চাৰিআলিত ৷

আনহাতে হাতীগাওঁ আৰক্ষীয়ে নিশাই অভিযান চলাই আক্ৰমণকাৰী বিকাশ ডেকাক গ্ৰেপ্তাৰ কৰিছে।

Exit mobile version