Priyanka Gandhi Navya and Satyayan are likely to face strong competition in Wayanad:প্রিয়ংকা, নব্যা আৰু সত্যয়নৰ মাজত প্রবল প্রতিদ্বন্দ্বিতাৰ সম্ভাৱনা ৱাইনাড়ত

প্ৰিয়ংকাৰ বিৰুদ্ধে ৱাইনাড়ত বিজেপিয়ে প্রার্থী প্ৰক্ষেপ কৰা কোন এই নব্যা ?

prianka Gandhi

Priyanka Gandhi Navya and Satyayan are likely to face strong competition in Wayanad:

ৱাইনাড় লোকসভা সমষ্টিৰ উপ-নির্বাচনৰ বাবে বিজেপিয়ে নব্যা হৰিদাসক প্রার্থিত্ব প্রদান কৰিলে। নাব্যাই কংগ্রেছ প্রার্থী প্রিয়ংকা গান্ধী ভদ্রাৰ বিৰুদ্ধে সামষ্টিটোত প্রতিদ্বন্দ্বিতা কৰিব।

উল্লেখ্য যে যোৱা জুনত অনুষ্ঠিত লোকসভাৰ নির্বাচনত ৱাইনাড়ত কংগ্রেছ প্রার্থী ৰাহুল গান্ধীয়ে জয়লাভ কৰিছিল। ৰাহুলে ৰাইবৰেলীতো জয়লাভ কৰাত তেওঁ ৱাইনাড়ৰ সাংসদ পদ ত্যাগ কৰিছিল। অহা ১৩ নৱেম্বৰত ৱাইনাড়ত লোকসভাৰ উপ-নির্বাচন অনুষ্ঠিত হ’ব আৰু ২৩ নৱেম্বৰত ফলাফল প্রকাশ পাব। বিজেপি প্রিয়ংকাৰ বিৰুদ্ধে ৱাইনাড়ত নব্যাক প্রার্থিত্ব প্ৰদানৰ পাছত বিজেপিৰ প্রার্থীগৰাকীক লৈ চর্চা চলিছে।

৩৯ বছৰ বয়সীয়া নব্যাই পূর্বে কোঝিকোড় নগৰ নিগমত দুবাৰকৈ পাৰিষদ নির্বাচিত হৈছিল। নব্যা নগৰ নিগমৰ বিজেপিৰ সংসদীয় দলৰ নেতাও। মেকানিকেল ইঞ্জিনীয়াৰিঙৰ বিটেক ডিগ্রীধাৰী নব্যাই ২০২১ৰ কেৰালা বিধানসভা নির্বাচনত কোঝিকোড় দক্ষিণ সমষ্টিত বিজেপিৰ টিকটত প্রতিদ্বন্দ্বিতা কৰিছিল যদিও কংগ্ৰেছ প্রার্থীৰ হাতত পৰাস্ত হৈছিল।

লোকসভাৰ উপ- নির্বাচনত বিজেপিৰ প্রার্থিত্ব লাভৰ পাছত নব্যাই কয় যে ৱাইনাড়ক বিকাশৰ প্রয়োজন আৰু ইমানদিনে কংগ্রেছ পৰিয়ালে ৱাইনাড়বাসীৰ প্রয়োজনীয়তা পুৰণ কৰিব নোৱাৰিলে। স্থানীয় বাসিন্দাৰ চিন্তা-চৰ্চাক অগ্রাধিকাৰ দি সমষ্টিৰ উন্নয়নৰ বাবে নিজক নিয়োগ কৰিব বুলিও নব্যাই প্রতিশ্রুতি দিছে।

উল্লেখ্য যে ৱাইনাড়ত চিপিআয়ে সত্যয়নৰ কেৰীক প্রার্থিত্ব প্রদান কৰিছে। সমষ্টিটোত এইবাৰ প্ৰিয়ংকা, নব্যা আৰু সত্যয়নৰ মাজত প্রবল প্রতিদ্বন্দ্বিতাৰ সম্ভাৱনা আছে ।

Exit mobile version