Supreme Court rejected Kejriwal’s plea in Modi’s degree dispute case:মোদীৰ ডিগ্ৰী বিবাদৰ গোচৰত কেজৰিৱালৰ আবেদন নাকচ উচ্চতম ন্যায়ালয়ৰ

SUPREME COURET6666666

Supreme Court rejected Kejriwal’s plea in Modi’s degree dispute case:

দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্রী আৰু আম আদমী পার্টি (আপ)ৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক হতাশ কৰিলে উচ্চতম ন্যায়ালয়ে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ এক মানহানিৰ গোচৰত কেজৰিৱালৰ আবেদন অস্বীকাৰ কৰিলে সর্বোচ্চ ন্যায়ালয়ে।

কেজৰিৱালে তেওঁৰ বিৰুদ্ধে উত্থাপিত উক্ত মানহানিৰ গোচৰ স্থগিত ৰখাৰ দাবী জনাইছিল উচ্চতম ন্যায়ালয়ত। কিন্তু সর্বোচ্চ ন্যায়ালয়ে আপৰ মুৰব্বীৰ আবেদন নাকচ কৰিলে। সর্বোচ্চ ন্যায়ালয়ে হস্তক্ষেপ নকৰাত এই গোচৰত বিচাৰ প্ৰক্ৰিয়া গুজৰাটৰ আদালতত অব্যাহত থাকিব।

কেজৰিৱালে এই গোচৰত নিম্ন আদালতৰ চমনক প্রত্যাহ্বান জনাইছিল । উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ এই আবেদন নাকচ কৰাৰ পূৰ্বে গুজৰাট উচ্চ ন্যায়ালয়েও আপৰ মুৰব্বীৰ আবেদন প্রত্যাখ্যান কৰিছিল। উল্লেখ্য যে কেজৰিৱালে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ডিগ্ৰীৰ সন্দর্ভত আপত্তিজনক মন্তব্য কৰিছিল।

Exit mobile version