Formation Of Aap Dist Committees:নগাঁও, হোজাই, ডিব্ৰুগড়, লখিমপুৰ, ধুবুৰী পশ্চিম কাৰ্বি আংলঙত আপৰ নতুন জিলা কমিটি গঠন

manoj

Formation Of Aap Dist Committees:

ৰাজ্যৰ ছখনকৈ জিলাত আম আদমী পাৰ্টিয়ে গঠন কৰিলে নতুন জিলা কমিটি। মঙলবাৰে অনুষ্ঠিত দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ বৈঠকৰ পিচতে সভাপতি মনোজ ধানোৱাৰে নৱ গঠিত জিলা কমিটি সমূহত অনুমোদন জনায়।

সেই মৰ্মে আপৰ নগাঁও জিলাৰ সভাপতি পদত চুমি বৰা, হোজাই জিলাৰ সভাপতি পদত কৃষ্ণ দাস, ডিব্ৰুগড় জিলাৰ সভাপতি পদত দ্বিজেন গগৈ, লখিমপুৰ জিলাৰ সভাপতি পদত সুবীল দলে, পশ্চিম কাৰ্বি আংলং জিলাৰ সভাপতি পদত উইনচেষ্টাৰ ইংতি আৰু ধুবুৰী জিলাৰ সভাপতি পদত অধিবক্তা মমিনুৰ ইছলামৰ নেতৃত্বত নতুন কমিটিত অনুমোদন জনায়।

এতিয়াৰ পৰা সংশ্লিষ্ট জিলা সমূহত দলীয় সংগঠনৰ ভেটি শক্তিশালী কৰাৰ হকে নৱগঠিত জিলা কমিটি সমূহৰ অধীনত বিধান সভা সমষ্টি, জিলা পৰিষদ, গাওঁ পঞ্চায়ত আৰু বুথ পৰ্যায়ত কমিটি গঠন কৰিব।

Exit mobile version