Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: স্বাস্থ্যৰ বাবে আজি দিনটো ভাল হ’ব। বহুত বেছি মানসিক হেঁচা আৰু ভাগৰ আপোনাৰ অসুবিধাৰ কাৰণ হ’ব পাৰে। ব্যৱসায় বা কর্মক্ষেত্ৰত অশান্তি হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

বৃষঃ মানসিক শান্তিৰ বাবে হতাশাৰ কাৰণসমূহ সমাধান কৰক। আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব পাৰে। শিক্ষার্থীৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰত অশান্তি থাকিব। সংখ্যাতত্ত্বৰ মতে ক্ষতি কাৰক। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৪।

মিথুন: আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। মানসিক, প্রেম-প্রীতি আৰু সাংসাৰিকত দুশ্চিন্তাৰ কাৰক। আপুনি নিজে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। আজি দিনটো আপোনাৰ বাবে ভাল হ’ব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ১।

কর্কট: আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। তেল আৰু মছলাযুক্ত খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক। সাহিত্যিক, শিল্পী, খেলুৱৈয়ে নতুন উন্নতিমূলক কর্মত নিয়োজিত হ’ব। শুভৰং কলা। শুভ সংখ্যা ৩।

সিংহ: দুখৰ সময়ত বন্ধুৰ পৰা সহায় পাব। আজি আপোনাৰ স্বাস্থ্য ভালে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। ব্যৱসায় আৰু কৰ্মক্ষেত্ৰত লাভৰ যোগ। শিক্ষার্থীৰ উচ্চ বিদ্যাৰ ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা ৫।

কন্যা: মানসিক আৰু নৈতিক শিক্ষাৰ লগতে শাৰীৰিক শিক্ষা লোৱা উচিত, তেতিয়াহে সর্বংগীণ বিকাশ সম্ভৱ। শাৰীৰিক কষ্টৰ বাবে ব্যৱসায় সময় নষ্ট হ’ব পাৰে। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৫।

তুলা: মধ্যম ফল। উৰ্জাৰ এই অসীমিত-পৰিমাণক আজি ভাল কামত খখুৱাওক সাৱধানেৰে আর্থিক নিৰোগ কৰক। আর্থিকত পোৱা কষ্টৰ কিছুহ’লেও লাঘব হ’ব। দাম্পত্যত চিন্তা। শুভ ৰং কমলা। শুভ সংখ্যা ৪।

বৃশ্চিক: যিবোৰ মানুহ দীর্ঘদিনীয়া অর্থ সংকটত ভুগি আছিল সিহঁতৰ ধন প্ৰপ্তিৰ সম্ভাৱনা আছে। যাৰ ফলত সিহঁতৰ বহুখিনি অসুবিধা দূৰ হ’ব। বৈবাহিক জীৱনৰ দিশেদি চালে বহুত বস্তু আজি ভালে যাব। শুভ ৰং বগা। শুভ সংখ্যা ৬।

ধনু: আর্থিক দিশত ভাল চলি থকা বাবে আপুনি জৰুৰী বস্তুবোৰ কিনাত সহজ হ’ব। মনত অত্যন্ত বুটীল প্রশ্নই তোলপাৰ লগাব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে ভাল হ’ব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৩।

মকৰ যিকোনো কাম আৰম্ভ কৰাৰ বাবে আজি দিনটো ভাল নহয়। শিক্ষার্থীৰ মনৰ অশান্তি বাঢ়িব পাৰে। সাহিত্যিক, শিল্পী, খেলুৱৈয়ে নতুন উন্নতিমূলক কৰ্মত নিয়োজিত হ’ব। শুভ ৰং গুলপীয়া। শুভ সংখ্যা ৬।

কুম্ভ: পৰিয়ালৰ সদস্যৰ লগত সন্তুষ্টিৰে ভৰা সময় অতিবাহিত কৰক আৰু এটি শান্ত দিন উপভোগ কৰক। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰাৰ বাবে আজি শুভ আৰু ভাল দিন। শুভ ৰং মাটিয়া। শুভ সংখ্যা ৮।

মীন: অশান্তিৰ পৰা সাৱধান থকা দৰকাৰ। সন্তানৰ দ্বাৰা অৰ্থ হানি হ’ব পাৰে। অচিনাকি লোকৰ পৰা দূৰত থাকিব। স্বাস্থ্যৰ প্ৰতি অলপ মনযোগ দিয়াৰ দৰকাৰ। শুভ ৰং সুমথিয়া। শুভ সংখ্যা ১।

Exit mobile version