Sashi Phukan Passes Away:পিতৃহাৰা হ’ল বিস্ময়

জিএমচিএইছত দেহাৱসান বিস্ময়'ৰ সম্পাদক শশী ফুকনৰ, আজি নৱগ্ৰহত সম্পন্ন হ'ব শেষকৃত্য

sashi phukan

Sashi Phukan Passes Away:

পিতৃহাৰা হ’ল বিস্ময়। অসমীয়া আলোচনীক জনপ্রিয়তাবে নতুন মাত্রা প্রদান কৰা ‘বিস্ময়’ৰ প্ৰতিষ্ঠাপক সম্পাদক শশী ফুকনৰ যোৱা নিশা দেহাৱসান ঘটে। অসমীয়া পাঠকক ‘বিস্ময়’ৰ যোগেদি সাহিত্যৰ নতুন সোৱাদ দিয়া ফুকন দীর্ঘদিন অসুস্থ হৈ আছিল। তিনি বছৰ পূৰ্বে তেওঁ ক’ভিডত আক্রান্ত হৈ গুৰুতৰভাৱে অসুস্থ হৈ পৰিছিল। তেতিয়াৰে পৰা শাৰীৰিকভাৱে অত্যন্ত দুর্বল হৈ পৰা ফুকন শেহতীয়াকৈ ঘৰতে আন এক দুর্ঘটনাত পতিত হৈছিল।

তাৰ ফলত তেওঁৰ শাৰীৰিক অৱস্থা অতি গুৰুতৰ হৈ পৰে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত চিকিৎসাধীন হৈ থকা ফুকনৰ স্বাস্থ্যৰ অৱস্থা শুকুৰবাৰে নিশা প্রায় ১০-৩০ বজাৰ পৰা সংকটজনক হৈ পৰে। সন্ধিয়া একেলগে দুবাৰ তেওঁৰ হাৰ্ট এটেক হয়। ফলত নিশা প্রায় ১১-৩০ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৮ বছৰ। মৃত্যুৰ সময়ত তেওঁ  ইহসংসাৰত এৰি যায় দুই পুত্ৰ,এগৰাকী বোৱাৰী সহ নাতি- নাতিনী ৷

আজি বহু সংখ্যক অনুৰাগী আৰু গুণমুগ্ধৰ উপস্থিতিত শশী ফুকনৰ নশ্বৰ দেহ সৎকাৰ কৰা হ’ব নৱগ্ৰহত ৷ ইতিমধ্যে আজি দুপৰীয়াভাগত বিশিষ্ট সাহিত্যিক গৰাকীৰ নশ্বৰ দেহ জিএমচি এইছৰ পৰা মহানগৰীৰ কাহিলীপাৰাস্থ বাসগৃহলৈ অনা হয় ৷ ইয়াতে তেওঁৰ পাৰ্থিৱ শৰীৰত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে অগনন লোকে ৷

উল্লেখ্য যে ‘বিস্ময়’কে জীৱনৰ অংগ কৰি লোৱা ফুকনে পৰৱৰ্তী সময়ত ‘প্রিয় সখী’ নামৰ আন এখন জনপ্রিয় মহিলা আলোচনীও প্রকাশ কৰিছিল। ‘বিস্ময় ‘ক যিদৰে তেওঁ নতুন মাত্রা দি অসমীয়া আলোচনীক নতুন দিশৰ সন্ধান দিছিল, একেদৰে ‘প্রিয় সখী’কো তেওঁ সেই ৰূপতে সজাইছিল। ‘বিস্ময়’ৰ জৰিয়তে অসমীয়া সাহিত্যৰ বহু জনপ্রিয় আৰু প্রতিষ্ঠিত সাহিত্যিকৰ জন্ম হৈছিল। ফুকনৰ মৃত্যুত ৰাজ্যৰ সাহিত্য-সংস্কৃতিৰ জগতখনত গভীৰ শোকৰ ছাঁ পৰিছে।

আনহাতে বিস্ময়’ৰ পিতৃপুৰুষ গৰাকীক মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা,কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল,শিক্ষামন্ত্ৰী ডা:ৰণোজ পেগু,আছু,যুৱ-ছাত্ৰ পৰিষদসহ বহু বিশিষ্ট লোক আৰু গুণমুগ্ধই ৷

Exit mobile version