Excavation of Brahmaputra:ব্ৰহ্মপুত্ৰৰ খনন হিতে বিপৰীত হ’ব নেকি ?

মাজুলীৰ কমলাবাৰী-নিমাতী পাৰঘাটেৰে যাতায়ত সূচলৰ খননক লৈ আশংকা

majuli eviction

Excavation of Brahmaputra:

ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিক মাত্রাত হ্রাস পোৱাৰ লগতে কমলাবাৰী পৰঘাটৰ দিশত জলপথটোৰ কিছু অংশত নতুনকৈ পৰা বালিচৰৰ বাবে আভ্যন্তৰীণ জল পৰিবহণৰ নিয়মীয়া ফেৰী ফেৰী সেৱা যোৱা ২০ অক্টোবৰৰ পৰা বন্ধ হৈ পৰা কমলাবাৰী-নিমাতীঘাট জলপথটো পুনৰ ফেৰী চলাচলৰ বাবে সুগম কৰি তোলাৰ বাবে ‘ড্ৰেজাৰ’ৰ জৰিয়তে বর্তমান খনন কার্য চলাই থকা হৈছে।

ইতিমধ্যে কমলাবাৰী- নিমাতীঘাট জলপথৰ স্পৰ্শকাতৰ অংশত জলস্তৰৰ গভীৰতা বৃদ্ধিৰ বাবে আভ্যন্তৰীণ জল পৰিবহণ বিভাগে জৰুৰীভাৱে ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ সহযোগত ২৫ অক্টোবৰৰ পৰা জলপথটোৰ কমলাবাৰী-দৰবাৰ চাপৰি অংশত এই খনন কার্য অব্যাহত ৰখা হৈছে। ড্ৰেজাৰৰে বালিচৰ খন্দা অংশৰে নদীখনৰ উপসুঁতিৰ পানীৰ ধাৰৰ প্রাবল্য বৃদ্ধি হোৱাকৈ বাঁহ পুতি ‘বাগুলিং’ কৰাৰ কামো পূর্ণ গতিত অব্যাহত আছে। এই গুৰুত্বপূৰ্ণ জলপথটোৰে যথাসম্ভৱ শীঘ্রেই ফেৰীসেৱা আভ্যন্তৰীণ জল পৰিবহণৰ নিয়মীয়া ফেৰী সেৱা পুনৰ আৰম্ভ কৰিব পৰা হ’ব বুলি আশা কৰা হৈছে।

ইপিনে, মাজুলীৰ লগত যোৰহাট সংযোগী জলপথ নিমাতী- কমলাবাৰী পাৰঘাট মাজুলীৰ প্ৰথম জলপথ যিটোৰে ব্ৰিটিছ শাসন কালৰ পৰাই যাতায়াতৰ বাবে ব্যৱহাৰ কৰা হৈছিল। এতিয়াৰ দৰে যাত্ৰীৰ ভিৰ নাছিল যদিও চীন- ভাৰতৰ যুদ্ধৰ সময়ত এই পাৰঘাটটোৱে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল।

এসময়ত লখিমপুৰ জিলাৰ পৰা লোহিত-খাবলু দুটাকৈ ঘাট পাৰ হৈ কমলাবাৰী ঘাটলৈ বাছৰ সংযোগ থকা এই পাৰঘাটত এতিয়া মৃত্যুৰ দিশে গতি কৰিব নেকি বুলি প্রশ্ন উত্থাপিত হৈছে। ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ হ্রাস হোৱাৰ বাবে যোৱা আঠ দিনে এই পাৰঘাটটোৰে ফেৰী চলাচল বন্ধ ৰাখিব লগা হোৱাত মাজুলীবাসীৰ জীৱন প্রণালীত আউল লাগিছে। মাজুলীৰ মধ্যবিন্দুত অৱস্থিত পাৰঘাটটো মাজুলীৰ সকলো স্থানৰ ৰাইজৰ বাবেই সুবিধাজনক।

পাৰঘাটটো প্ৰকৃতিৰ ৰোষত বন্ধ কৰিবলগা হোৱাত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ লগতে শীর্ষ মহলতো চৰ্চিত হ’ব ধৰিছে। তাৎক্ষণিকভাৱে ৰাইজৰ অসুবিধা আৰু ঐতিহ্যৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে যিকোনো প্ৰকাৰে নিয়মীয়াকৈ যাতায়াতৰ সুবিধাৰ হেতু ড্ৰেজাৰৰ দ্বাৰা খননৰ সিদ্ধান্তৰে কাম আৰম্ভ কৰিছে।

যিকোনো প্ৰকাৰে পাৰঘাটটোৰে যাতায়াত সুগম কৰাৰ ক্ষেত্ৰত বিভাগ মাজুলী প্রশাসনে প্রচেষ্টা হাতত লোৱাত ৰাইজেও আদৰণি জনাইছে। এতিয়া কথা হ’ল যে ড্ৰেজাৰৰ দ্বাৰা খননৰ পার্শ্বক্রিয়া হ’ব পাৰে নেকি এই লৈ মাজুলীৰ সুৰক্ষাৰ লগত আৰম্ভণিৰে পৰা জড়িত থকা সচেতন মহলৰ মাজত চৰ্চা আৰম্ভ হৈছে।

এফালে পাৰঘাটৰ অপৰিহাৰ্যতা,আনফালে সুৰক্ষা। এই বিষয়ত ব্ৰহ্মপুত্ৰ নদীৰ প্ৰকৃতিৰ ওপৰত পূৰ্বৰে পৰা অধ্যয়ন কৰি থকা বিশেষজ্ঞসকলৰ পৰামৰ্শৰ প্ৰয়োজন আছে বুলি গুৱাহাটীস্থ মাজুলী দ্বীপ সুৰক্ষা আৰু উন্নয়ন সমিতিৰ উদ্যোক্তা মাজুলীৰ সন্তান অৱসৰপ্ৰাপ্ত অধীক্ষক অভিযন্তা ভৰত শইকীয়াই খনন কাৰ্যৰ প্ৰয়োজনীয়তাৰ লগতে খননৰ নামনি অংশলৈ ভাবুকিআহিব পাৰে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে।

অভিযন্তা শইকীয়াই জনোৱা মতে, বর্তমান অফলামুখৰ পৰা নিমাতী দিশলৈ প্রবাহিত ব্ৰহ্মপুত্ৰৰ মূল ধাৰটো কমলাবাৰী ঘাটৰ দিশলৈ ড্ৰেজাৰৰ খননৰ দ্বাৰা প্রবাহিত হ’বলৈ হ’লে কিম্বা বাৰিষা কাললৈকে এই পানীধাৰ প্রবাহিত হৈ থাকিলে কমলাবাৰী ঘাটৰ নামনি অংশত খহনীয়াই তীব্ৰৰূপ ধাৰণ কৰাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ ভূ-প্রকৃতি আৰু মাজুলীৰ ভূ-প্রকৃতিৰ মাজত আছে আকাশ- পাতাল পার্থক্য।

সেই হেতু পাৰঘাটিৰ বাবে প্রয়োজনীয় গভীৰতা সৃষ্টিৰ ক্ষেত্ৰত যাতে মাজুলীবাসীৰ জীৱননিৰ্বাহৰ ভূমিভাগ হেৰুৱাব লগাত নপৰে, তাৰ প্ৰতিও দূৰদৰ্শী চিন্তাৰ প্ৰয়োজনীয়তাক আঙুলিয়াই দিয়ে। বিগত দিনৰ অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি শইকীয়াই ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰে নিৰ্মাণ কৰা আঠ নম্বৰ স্পাৰে মাজুলী নামনি অংশৰ আঁহতগুৰি মৌজা নিঃশেষ কৰাৰ উদাহৰণ দাঙি ধৰে। বৰ্তমান খননৰ লগত ভবিষ্যতে হ’ব পৰা আশংকাৰ কথাত গুৰুত্ব দিয়াৰ বাবে শইকীয়াই আহ্বান জনায়।

Exit mobile version