Gujarati is the third most widely spoken Indian language in Canada:কানাডাত তৃতীয় সর্বাধিক প্রচলিত ভাৰতীয় ভাষা গুজৰাটী

canada 2

Gujarati is the third most widely spoken Indian language in Canada:

কানাডাত গুজৰাটী ভাষাৰ প্ৰচলন বৃদ্ধি পাইছে। গুজৰাটী সম্প্রতি কানাডাত ভাৰতীয় প্ৰবাসীৰ মাজত তৃতীয়টো সর্বাধিক প্রচলিত ভাষা হিচাপে পৰিচিত হৈছে। কানাডাৰ চৰকাৰী পৰিসংখ্যা অনুসৰি ১৯৮০ৰ পৰা প্ৰায় ২২,৯৩৫ জন গুজৰাটী ভাষী প্রবাসী ভাৰতীয় লোকে কানাডাত আশ্রয় গ্রহণ কৰিলে।

এইসকল গুজৰাটী লোকৰ সৰ্বাধিক ২৬ শতাংশই ২০১৬ৰ পৰা ২০২১ৰ সময়ছোৱাত কানাডাত আশ্রয় গ্রহণ কৰিছিল। বর্তমানে কানাডাত সর্বাধিক প্রচলিত ভাৰতীয় ভাষা পঞ্জাৱী ব্যৱহাৰ কৰা লোকৰ সংখ্যা হৈছে ৭৫,৪৭৫ জন। আনহাতে, ইয়াৰ পাছতে কানাডাত হিন্দী ভাষা ব্যৱহাৰ কৰা ৩৫,১৭০ জন লোক আছে।

একেদৰে গুজৰাটী ভাষী প্রবাসীৰ সংখ্যা ২২,৯৩৫ জন। একেদৰে মালায়ালম ব্যৱহাৰ কৰা ১৫,৪৪০ জন আৰু বাঙালী ভাষা ব্যৱহাৰ কৰা ১৩,৮৩৫ জন লোকে কানাডাত বসবাস কৰিছিল।

Exit mobile version