Horoscope:ৰাশিফল

horoscope

Horoscope:ৰাশিফল

মেষ: প্রাকৃতিক দুর্যোগত ক্ষতি হ’ব পাৰে। যিকোনো কাম কৰিলে সফল হ’ব। ব্যবসায়ত ভাল ফল পাব। প্ৰতিকাৰ-তুলসীৰ পূজা কৰিব। শুভ ৰং বগা। শুভ সংখ্যা ৩।

বৃষ: ঘৰলৈ মূল্যবান বস্তু অহাৰ সম্ভাৱনা আছে। যিকোনো ভাল কাম কৰিলে সুফল পাব। বন্ধুৰ লগত বিচ্ছেদ ঘটিব পাৰে। প্ৰতিকাৰ- বেল পাতত চন্দন লগাই লগত ৰাখিব। শুভ বং বেঙুনীয়া। শুভ সংখ্যা ২।

মিথুন: আপুনি কৰা ভুলৰ বাবে আনে কষ্ট পাব লগা হ’ব পাৰে। চাকৰিয়ালসকলে নিজৰ কামত মন দিয়ক অন্যথা ক্ষতি হ’ব। সন্তানে কৰা ভাল কামৰ বাবে গৌৰৱ অনুভৱ কৰিব। প্ৰতিকাৰ ঘৰৰ ওচৰত থকা আঁহত গছৰ তলত ঘিউৰ চাকি, ধূপ জ্বলাব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।

কর্কট: মূল্যৱান বস্তু ক্ষতি হ’ব পাৰে। মাটিৰ সীমা লৈ সমস্যা হ’ব পাৰে। কর্মত বাধা পাব। আজি ভাল কাম হাতত নল’ব। প্ৰতিকাৰ-ঘৰৰ উত্তৰ কোণত খুঁটি এটা মাৰি তাত এখন ৰঙা কাপোৰ বান্ধিৰ আৰু গুৰিত ধূপ-চাকি জ্বলাব। শুভ ৰং বগা। শুভ সংখ্যা ৮।

সিংহ: ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব। টকা-পইচাৰ অভাৱ বাঢ়িব। অলপ শ্রেষ্ঠা কৰিলে কর্ম সংস্থাপন লাভ কৰিব পাৰিব। সন্তানৰ শুভ। প্ৰতিকাৰ-পাৰিলে উপবাসে থাকিব আৰু একচিত্তে শিৱৰ চৰণ চিন্তা কৰি ধ্যান কৰিব। শুভ বং আকাশী নীলা। শুভ সংখ্যা ৯।

কন্যা: খং দমাই ৰাখিব অন্যথা ক্ষতি হ’ব। যুটীয়াকৈ কৰা ব্যৱসায়ীৰ মাজত মতানৈক্য হৈ সংঘাত আহিব পাৰে। নিজৰ ভুলৰ বাবে অর্থ হানি হোৱাৰ সম্ভাৱনা। টকা-পইচাৰ অভাৱ বাঢ়িব। প্ৰতিকাৰ-ভিক্ষাৰী এজনক বগা মিঠাই দান কৰি প্ৰণাম কৰিব। শুভ বং গুলপীয়া। শুভ সংখ্যা ২।

তুলা: চাকৰিয়ালসকলে আজি টকা-পইচাৰ লেনদেন নকৰাই ভাল। পুবণা ৰোগ থকাসকলৰ পীড়া বৃদ্ধি পাব। সন্তানে সমাজত সুনাম পাব। প্ৰতিকাৰ-গা ধুই নৱগ্ৰহৰ স্তোত্রম পাঠ কৰিব। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা-৭।

বৃশ্চিক: অচিন শত্ৰুৰ পৰা ক্ষতি হোৱাৰ ভয়। চাকৰিয়ালসকলে সম্মান লাভ কৰিব। ব্যৱসায়ত লোকচানৰ আশংকা আছে। সন্তানে সুখ দিব। প্ৰতিকাৰ- ক’লা মণি এটা পানীৰ পাত্ৰত থৈ সুৰক্ষিত স্থানত ৰাখিব। শুভ ৰং বগা। শুভ সংখ্যা-৪।

ধনু: টকা-পইচাৰ লেনদেন কৰোতে সাৱধান হ’ব। আর্থিক ক্ষতিৰ যোগ। শিক্ষার্থীয়ে মনোমত ফল দেখুৱাব পাৰিব। ব্যৱসায়ত শুভ। প্ৰতিকাৰ- ঘৰৰ পৰা ওলাওতে সূর্যলৈ চাই প্রণাম কৰি ওলাই যাব। শুভ ৰং গেৰুৱা। শুভ সংখ্যা ৮।

মকৰঃ পুৰণা ৰোগত ভুগি থকাসকলে খোৱা-বোৱাত বিশেষ ধ্যান ৰাখিব। পাবলৈ থকা টকা হাতলৈ আহিব। ব্যৱসায়ী সকলে কৰ্মচাৰীৰ ওপৰত চকু ৰাখিব। প্ৰতিকাৰ-বেলপাত এটাত বঙা চন্দন লগাই লগত ৰাখিব। শুভ ৰং হালধীয়া। শুভ সংখ্যা ২।

কুম্ভ: বিবাহ সম্পর্কে চলি থকা কথা-বতৰাৰ আজি ভাল খবৰ পাব। ‘আত্মীয়ৰ পৰা ক্ষতি হোৱাৰ আশংকা আছে। হাত-ভৰিত আঘাত পাব পাৰে। প্ৰতিকাৰ-ঘৰ ভাল দৰে পৰিষ্কাৰ কৰি ধূপ-ধূনা জলাই গৃহ লক্ষ্মীৰ পূজা-অর্চনা কৰিব। শুভ ৰং নীলা। শুভ সংখ্যা ৩।

মীন: আনক উপকাৰ কৰিবলৈ গৈ ক্ষতি হোৱাৰ ভয়। দুর্ঘটনাৰ প্ৰবল সম্ভাৱনা আছে। সন্তানৰ ভুলৰ বাবে লাজত পৰিব। শত্ৰুৰ পৰা ক্ষতিৰ আশংকা। প্ৰতিকাৰ-ভিক্ষাৰীক ক’লা বস্তু দান কৰিব। শুভ ৰং সেউজীয়া :শুভ সংখ্যা ৫ ৷

Exit mobile version