Health department employees suspended for election campaign:চামগুৰিত কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ চলাই নিলম্বন স্বাস্থ্য বিভাগৰ কৰ্মচাৰী

mazibur rahman

Health department employees suspended for election campaign:

নগাঁৱত নিলম্বন হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ৷ নির্বাচনী বিধি উলংঘাৰ অভিযোগত নিলম্বন হয় নগাঁৱৰ চামগুৰিৰ শিঙিমাৰী স্বাস্থ্য উপ- কেন্দ্ৰৰ কৰ্মচাৰী মতিবুৰ ৰহমান ৷

উদ্থাপিত অভিযোগ অনুসৰি মতিবুৰ ৰহমানে চামগুৰিৰ কংগ্ৰেছী প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ চলাইছিল ৷ যাৰবাবে  নিৰ্বাচনী আয়োগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ৰহমানক ৷

উল্লেখ্য যে,একেই অভিযোগত কেইদিনমান পূৰ্বে মতিবুৰ ৰহমানৰ পিতৃ আব্দুল মালেক ওৰফে মালেক মাষ্টৰকো( হাইস্কুলৰ সহ:শিক্ষক) নিলম্বন কৰে নিৰ্বাচনী আয়োগে। মালেক পূৰ্বতে আছিল বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি।

Exit mobile version