Health department employees suspended for election campaign:
নগাঁৱত নিলম্বন হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ৷ নির্বাচনী বিধি উলংঘাৰ অভিযোগত নিলম্বন হয় নগাঁৱৰ চামগুৰিৰ শিঙিমাৰী স্বাস্থ্য উপ- কেন্দ্ৰৰ কৰ্মচাৰী মতিবুৰ ৰহমান ৷
ADVERTISEMENT
উদ্থাপিত অভিযোগ অনুসৰি মতিবুৰ ৰহমানে চামগুৰিৰ কংগ্ৰেছী প্ৰাৰ্থী তাঞ্জিল হুছেইনৰ হৈ প্ৰচাৰ চলাইছিল ৷ যাৰবাবে নিৰ্বাচনী আয়োগে তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে ৰহমানক ৷
উল্লেখ্য যে,একেই অভিযোগত কেইদিনমান পূৰ্বে মতিবুৰ ৰহমানৰ পিতৃ আব্দুল মালেক ওৰফে মালেক মাষ্টৰকো( হাইস্কুলৰ সহ:শিক্ষক) নিলম্বন কৰে নিৰ্বাচনী আয়োগে। মালেক পূৰ্বতে আছিল বাজিয়াগাঁও ব্লক কংগ্ৰেছ কমিটিৰ সভাপতি।