Increase in dengue:
পুনৰ ৰাজ্যৰ তিনিখন জিলাক মুখ্য কৰি ডেংগু জ্বৰে উদ্বেগজনক ৰূপ ধাৰণ কৰিছে। জিলা তিনিখন হ’ল ডিমা হাছাও, কামৰূপ মহানগৰ আৰু কাৰ্বি আংলং।
ৰাজ্যৰ ৩৫ খন জিলাৰ ৩২ খনতে ডেংগুত আক্রান্ত ৰোগী ধৰা পৰিছে। অৱশ্যে সেইবোৰত অতি কম সংখ্যক লোক আক্রান্ত হৈছে। ইয়াৰ বিপৰীতে গুৱাহাটীত আঢ়ৈশ, ডিমা হাছাওত ৪৫০ আৰু কাৰ্বি আংলঙত ৮০ জনতকৈ অধিক লোক এই জ্বৰত আক্ৰান্ত হৈছে। এনেদৰে শশ লোক আক্রান্ত হোৱাত জোঁৰ পুৰি হাত পোৱা অৱস্থাৰ সৃষ্টি হৈছে স্বাস্থ্য বিভাগৰ।
আক্রান্ত লোকৰ সংখ্যা গুৱাহাটীৰ নির্দিষ্ট কেইটামান অঞ্চলত যথেষ্ট বেছি হৈছে। ইয়াৰ বিপৰীতে ডিমা হাছাওত সামগ্রিকভাৱে সকলোতে এই ৰোগৰ প্রাদুর্ভাব বৃদ্ধি পাইছে। ডিমা হাছাও হ’ল পাহাৰীয়া জিলা।
ইপিনে, গুৱাহাটীৰো পাহাৰৰ কাষৰ আৰু পাহাৰ অঞ্চলত বাস কৰা লোক এই জ্বৰত অধিক সংখ্যাত আক্রান্ত হোৱাটো পর্যালোচনাত স্পষ্ট হৈছে। ইয়াৰ কাৰণ বিশ্লেষণ কৰোতেই চৰকাৰৰে আন এটা বিভাগৰ ব্যর্থতা উন্মোচিত হোৱাটো লক্ষ্যণীয় হৈ পৰিছে। স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰা অনুসৰি, গুৱাহাটীৰ পাহাৰ আৰু পাহাৰৰ নামনি অঞ্চলত পানীৰ যথেষ্ট অভাৱ। এনে অভাৱৰ বাবেই বহু লোকে পানী জমা কৰি থয়।
সেই পানীতে ডেংগু মহৰ বংশ বৃদ্ধি হয়। একে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে কাৰ্বি আংলং আৰু ডিমা হাছাওতো। চৰকাৰী ব্যৱস্থাৰ দুৰৱস্থাত পানীৰ নাটনিত ভোগা লোকসকলে দীর্ঘদিনৰ বাবে জমা কৰি ৰখা পানীত মহে বংশ বৃদ্ধি কৰিছে। ডেংগু মহৰ বৈশিষ্ট্য এয়ে যে এইবিধ মহে চাফা পানীত কণী পাৰি বংশ বৃদ্ধি কৰে। সেয়াই এতিয়া একপ্ৰকাৰ ভয়াৱহ হৈ পৰিছে ৰাইজৰ বাবে।
গুৱাহাটীৰ ধীৰেনপাৰা, অম্বিকাগিৰী নগৰ আদিৰ গাতে পাহাৰ লাগি আছে। মহানগৰীৰ জু-ৰোডৰ ভাস্কৰ নগৰতো ডেংগু জ্বৰৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে। এই অঞ্চলটোতো পানীৰ নাটনি সদায় চলি আহিছে। ঘন জনবসতিপূর্ণ বাবেই ভাস্কৰ নগৰত সেয়েহে আক্ৰান্তৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। ইয়াৰ কাষৰীয়া অঞ্চল জু-ৰোড, জোনালী, পাহাৰৰ গাতে লাগি থকা চিৰিয়াখানা আদি অঞ্চলতো ডেংগুৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে।
উল্লেখ্য যে গুৱাহাটীৰ কে’বাটাও স্থানক ৰেড জ’ন অঞ্চল ঘোষণা বৰা হৈছে। ডেংগুত আক্রান্তৰ সংখ্যা দ্রুত গতিত বৃদ্ধি হোৱা বুলি গুৱাহাটী পৌৰ নিগমে ৰেড জ’ন ঘোষণা কৰা অঞ্চলকেইটা হ’ল আৰ জি বৰুৱা পথ, ভাস্কৰ নগৰ, অম্বিকাগিৰী নগৰ আৰু বামুণীমৈদামৰ ৰেলৱে কল’নী। সমান্তৰালভাৱে গীতানগৰ, মঠঘৰীয়াতো ৰোগৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছে।
ইপিনে, ৰাজ্যৰ আন কেইখন জিলা ক্রমে যোৰহাটত ৮৫, নলবাৰীত ৪৫ আৰু শোণিতপুৰত ৪২ জন লোক ডেংগুত আক্রান্ত হৈছে। এই পর্যন্ত স্বাস্থ্য পৰীক্ষাৰ জৰিয়তে এই সংখ্যা নিৰূপণ কৰা হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ নাম প্রকাশত অনিচ্ছুক শীর্ষ বিষয়াই কয় যে একাংশ লোকে জ্বৰক উপেক্ষা কৰাৰ ফলত সেইসকল ডেংগু নে সাধাৰণ জ্বৰত আক্রান্ত হৈছে, সেয়া অদ্যাপি নিশ্চিত কৰিব পৰা নাই।
সেয়েহে স্থানীয় চিকিৎসালয়ৰ সহযোগত ঘৰে ঘৰে গৈয়ো জ্বৰত আক্রান্ত লোকৰ তেজ পৰীক্ষাৰ উদ্যোগ লোৱা হৈছে। উল্লেখ্য যে ডেংগুৰ বাবে অসমত প্ৰতি বছৰে উদ্বেগজনক ৰূপ ধাৰণ কৰি আহিছে। বছৰি ইয়াৰ মাত্রাও বৃদ্ধি হৈছে বুলি স্বাস্থ্য বিভাগৰ তথ্যতে প্রকাশ। অথচ ইয়াক প্ৰতিৰোধৰ প্ৰাৰম্ভিক অৱস্থাতে কোনো পদক্ষেপ গ্রহণ কৰা নহয়। ৰোগৰ মাত্রা বৃদ্ধি হোৱাৰ পাছতহে ইয়াৰ লগত জড়িত বিভাগবোৰৰ তৎপৰতা বৃদ্ধি হয়।
#ডেংগু জ্বৰৰ লক্ষণ
সাধাৰণতে পুৱা আৰু বিয়লি এডিছ মহে কামোৰাৰ ফলতে ডেংগু জ্বৰ হয়। মহৰ বাবেই এই জুৰৰ প্ৰসাৰতা বাঢ়ে। এই ৰোগত আক্ৰান্তৰ সাধাৰণ কেইটামান লক্ষ্য হ’ল জুৰৰ মাত্রা বৃদ্ধি হোৱা, কপাল আৰু মূৰৰ প্ৰচণ্ড বিষ, চকুৰ পাছফালে বিষ হোৱা, মাংসপেশী আৰু হাড়ৰ জোৰাত বিষ হোৱা, অধিক মাত্ৰাত জ্বৰ উঠিলে ৰোগী সংজ্ঞাহীন হোৱা, নাক বন্ধ হোৱা আৰু বমি হোৱা। সেয়েহে জ্বৰত আক্রান্তই সতর্কতামূলকভাৱে লগে লগে চিকিৎসকৰ কাষ চাপিব লাগে।