North Korea sends 10,000 troops to help Russia:
উত্তৰ কোৰিয়াই আগন্তুক কেইসপ্তাহমানৰ ভিতৰত ইউক্রেইনৰ বিৰুদ্ধে যুঁজ দিবলৈ প্রায় ১০,০০০ সৈনিকক ৰাছিয়ালৈ প্ৰেৰণ কৰিব। আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখ্য কাৰ্যালয় পেন্টাগনৰ মুখপাত্র ছবৰীনা সিঙে সংবাদ মাধ্যমৰ আগত এই তথ্য সদৰী কৰি কয় যে ইয়াৰে একাংশ সৈনিকক ইতিমধ্যে উত্তৰ কোৰিয়াই ৰাছিয়াৰ ইউক্রেইন সীমান্তলৈ প্রেৰণ কৰিলে।
ইফালে, উত্তৰ আটলান্টিক চুক্তি সংস্থা (নাটো) ই তথ্য নিশ্চিত কৰি কয় যে উত্তৰ কোৰিয়াৰ একাংশ সৈনিকে ইতিমধ্যে ৰাছিয়াৰ কুষ্ক সীমান্তত উপস্থিত হ’ল। উত্তৰ কোৰিয়াৰ এই সেনাবাহিনীয়ে ৰাছিয়াৰ সীমান্ত অঞ্চলৰ পৰা ইউক্রেইনৰ সেনাবাহিনীক আঁতৰাই পঠাবলৈ অভিযান আৰম্ভ কৰা বুলিও নাটোৱে দাবী কৰিছে।