Today Diwali And Kali Puja Celebration:আজি কালী পূজা-দীপাৱলী, মুখ্যমন্ত্ৰী সহ বিভিন্নজনৰ শুভেচ্ছা

puja

Today Diwali And Kali Puja Celebration:

আজি উদযাপিত হ’ব পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজা। ইয়াৰ বাবে ৰাজ্যৰ চৌদিশ ৰং-বিৰঙী লাইটৰ আলোকেৰে উদ্ভাসিত হৈ পৰিছে। বজাৰ ভৰি পৰিছে মাটিৰ চাকি, বাছকবনীয়া লাইট আৰু বিজুলীবাতিৰে।

বিধে বিধে আতচবাজীৰেও বজাৰ ভৰি পৰিছে। চৰকাৰে যিমানে দাবী নকৰক কিয়, চীনৰ সামগ্ৰীৰেও বজাৰ এতিয়া উভৈনদী। মহানগৰীৰ গণেশগুৰি সহ ৰাজ্যৰ বিভিন্ন স্থানত কলগছ ক্ৰয় কৰিবৰ বাবে ক্ৰেতাৰ ভীৰ পৰিলক্ষিত হয়।

আনহাতে কালী পূজা আৰু দীপাৱলী উপলক্ষে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই ৰাজ্যবাসীক শুভেচ্ছা জনাইছে। এক বার্তাত মুখ্যমন্ত্রীয়ে কয় যে দীপাৱলী হৈছে আন্ধাৰ বিনাশী আগুৱাই যোৱা এক উৎসৱ। এই উৎসৱৰ অন্তর্নিহিত তাৎপর্যই আমাক সকলোকে প্রমূল্যবোধৰ ভিত্তিত মানৱীয় সমাজ গঢ়িবলৈ প্ৰেৰণা যোগায়।

এই উৎসৱে সনাতন সংস্কৃতিৰ ঐতিহ্যকো প্রতিফলিত কৰে। মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে যে দীপাৱলী উদযাপনৰ জৰিয়তে জনসাধাৰণৰ মাজত ভ্রাতৃত্ববোধ আৰু বন্ধুত্বৰ বান্ধোন অধিক শক্তিশালী হৈ উঠিব। এই উৎসৱে শান্তি-সম্প্রীতি বৰ্তাই ৰাখি সকলোৰে বাবে আনন্দ আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলিও মুখ্যমন্ত্রীয়ে আশা প্রকাশ কৰে।

Exit mobile version