Elephant safari opens in Kaziranga National Park:কাজিৰঙাত মুকলি হ’ল পৰ্যটকৰ হাতী ছাফাৰী

বাগৰি বানঞ্চলতো ব্যক্তিগত হাতী ছাফাৰী মুকলি, প্রথম দিনাই বেলজিয়াম, আমেৰিকাৰ পৰ্যটকৰ ছাফাৰী, প্ৰথম দিনাই ১০টা হাতীত বেলজিয়াম, ইউ কে আৰু আমেৰিকাৰ পৰ্যটকৰ কাজিৰঙাৰ নৈসৰ্গিক উপভোগ

kazi 1

Elephant safari opens in Kaziranga National Park:

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত পৰ্যটকৰ বাবে আজি মুকলি হ’ল হাতী ছাফাৰী ৷ কহঁৰা বনাঞ্চলৰ মিহিমুখত ফিটা কাটি ২০২৪-’২৫ বৰ্ষৰ হাতী ছাফাৰী মুকলি কৰে কৃষি মন্ত্ৰী অতুল বৰাই ৷ একেদৰে বাগৰি বনাঞ্চলটো মুকলি হয় হাতী চাফাৰী

কহঁৰা বনাঞ্চলৰ মিহিমুখত আজি ১০টা হাতীত উঠি বেলজিয়াম, ইউ কে আৰু আমেৰিকাৰ পৰ্যটকে কাজিৰঙাৰ অভয়াৰণ্যৰ ভিতৰত নিচেই কাষৰ পৰা এশিঙিয়া গড় সহ অন্য বন্যজন্ত আৰু নৈৰ্শগিক শোভা দেখি আপ্লুত হৈ পৰে । ইয়াৰ পূৰ্বে হাতী চাফাৰী মুকলি অনুষ্ঠানতে হস্তী পূজা আৰু ঘৰচীয়া আন আন জন্তক কল খুৱাই আনন্দ লভে দেশী- বিদেশী পৰ্যটকে। উল্লেখ্য যে ,কহঁৰা আৰু বাগৰি বনাঞ্চলত বহি:দেশৰ ডেৰ শতাধিক পৰ্যটকে হাতী চাফাৰী কৰে আজি ৷

আনহাতে উদ্যান কৰ্তৃপক্ষই সদৰি কৰা মতে চলিত পৰ্যটনবৰ্ষৰ অক্টোবৰ মাহত ২৮,৯৮০গৰাকী পৰ্যটকে ৰাষ্ট্ৰীয় উদ্যানত জীপ ছাফাৰী কৰে ৷ ইয়াৰে ২৮,৪০১গৰাকী ভাৰতীয় হোৱাৰ বিপৰীতে ৫৭৯ গৰাকী বিদেশী পৰ্যটক ৷ ৰাজহ সংগ্ৰহ হয় ৬৫,৩৭,৫১৫টকা ৷

হাতী চাফাৰীৰ প্ৰথম দিনটোত জয়, কৰ্ণ, পাহি, পূৰ্ণিমা, আইৰণ, লক্ষীমাই, বিষ্ণু,প্ৰদ্যুম্ন, বীৰ আৰু ফুলন নামৰ ঘৰচীয়া হাতী দহটাই পৰ্যটকক হাতী ছাফাৰী কৰোৱাই ৷ আগন্তুক দিনকেইটাত কাজিৰঙাত পৰ্যটক যথেষ্ট বৃদ্ধি হোৱাৰ আশা কৰিছে উদ্যান কৰ্তৃপক্ষই ৷

Exit mobile version