Rupee fell against the dollar:ডলাৰৰ বিপৰীতে টকাৰ মূল্যৰ পতনে সৃষ্টি কৰিলে অভিলেখ

শ্বেয়াৰ বজাৰৰ খহনীয়াক দায়ী কৰিলে বিশেষজ্ঞই,ভাৰতীয় অৰ্থনীতিৰ শোচনীয় অৱস্থাকে সূচালে বুলি সৰৰ বিৰোধীপক্ষ

dollar

Rupee fell against the dollar:

কংগ্ৰেছকে ধৰি একাংশ বিৰোধী দলে সম্প্রতি দেশৰ অর্থনীতিৰ অৱস্থা শোচনীয় বুলি সৰৱ হৈ অহাৰ সময়তে মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ পতনে সর্বকালৰ অভিলেখ ভংগ কৰিছে।

বৃহস্পতিবাৰৰ দীপাৱলীৰ দিনটোত এক মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ মূল্য ৮৪.০৯২৫ টকা হয়। ইয়াৰ পূর্বে কোনোকালে ডলাৰ-টকাৰ মাজত এনে ব্যৱধান সৃষ্টি হোৱা নাছিল।

গতিকে এই পতনে অভিলেখ সৃষ্টি কৰিছে। আনহাতে, ডলাৰ আৰু টকাৰ মূল্যৰ মাজত এনে বৃহৎ ব্যৱধান সৃষ্টি হোৱাৰ বাবে ভাৰতীয় শ্বেয়াৰ বজাৰৰ শেহতীয়া খহনীয়াক একাংশ বিশেষজ্ঞই দায়ী কৰিছে।

লক্ষ্যণীয় যে চলিত অক্টোবৰৰ অধিকাংশ দিনতে শ্বেয়াৰ বজাৰত খহনীয়াৰ সৃষ্টি হয়। ফলত বিনিয়োগকাৰীসকলে প্রায় প্রতিদিনে লাখ লাখ কোটি টকাৰ লোকচান ভৰে। ভাৰতীয় শ্বেয়াৰ বজাৰৰ এনে খহনীয়াৰ মাজতে বিদেশী বিনিয়োগকাৰীয়ে কমেও ৬০ হেজাৰ কোটি টকা বজাৰৰ পৰা প্ৰত্যাহাৰ কৰি চীনলৈ লৈ যোৱা বুলিও বাতৰি প্ৰচাৰ হৈছে।

তদপুৰি অহা পাঁচ নৱেম্বৰত অনুষ্ঠিত হ’বলগীয়া মার্কিন ৰাষ্ট্ৰপতি নির্বাচনৰ প্ৰভাৱতো শ্বেয়াৰ বজাৰত অস্থিৰতাৰ সৃষ্টি হৈছে বুলি একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে। এই সম্পৰ্কত এটা বেচৰকাৰী বেংকৰ শ্বেয়াৰত বিনিয়োগ কৰা এজন লোকে কয়, ‘বিগত কিছুদিন ধৰি ডলাৰৰ বিপৰীতে টকাৰ মূল্য হ্রাস পাই আহিছে।

বৃহস্পতিবাৰেও এই ধাৰা অব্যাহত থাকে। এই পতন ৰোধৰ বাবে ভাৰতীয় ৰিজার্ভ বেংকে ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্রুতি দিছে।’ ইতিমধ্যে টকাৰ মূল্য হ্রাস ৰোধৰ উদ্দেশ্যে বিগত দুসপ্তাহ ধৰি ৰিজার্ভ বেংকে ডলাৰ বিক্ৰী কৰে। ফলত এছিয়াৰ আন দেশসমূহৰ মুদ্ৰাৰ তুলনাত ভাৰতীয় টকাৰ মূল্য ডলাৰৰ বিপৰীতে উন্নত হৈ আছে।

অর্থাৎ ভাৰতীয় টকাৰ পতনৰ হাৰ তুলনামূলকভাৱে কম। আনহাতে, একাংশ বিশেষজ্ঞই দাবী কৰা অনুসৰি, আগন্তুক পাঁচ নৱেম্বৰৰ মার্কিন ৰাষ্ট্ৰপতি নির্বাচনত প্রাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্প জয়ী হ’লে ডলাৰ অধিক শক্তিশালী হোৱাৰ সম্ভাৱনা আছে । যদি ট্রাম্প জয়ী হয়, তেতিয়া টকাৰ মূল্যৰ অধিক পতন ঘটিব পাৰে।

Exit mobile version